নামতহে আৰ্দশ গাঁও, কৰ্মক্ষেত্ৰত অসাৰ !
কৰিমগঞ্জৰ আদৰ্শ গাঁৱৰ দুৰ্দশা ! নাই ভাল বাট-পথ, নাই খোৱা-পানী, বিদ্যুতৰ ব্যৱস্থা !
কৰিমগঞ্জৰ আদৰ্শ গাঁৱৰ দুৰ্দশা !
কৰিমগঞ্জ,২৮ মাৰ্চঃ কৰিমগঞ্জৰ আদৰ্শ গাঁৱৰ দুৰৱস্থা । কৰিমগঞ্জ লোকসভা সমষ্টিৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অধীনস্থ ফতেপুৰ গাঁৱক সাংসদ ৰাধেশ্যামে আদৰ্শ গাঁও হিচাপে নামকৰণ কৰি উপহাস কৰা যেন অনুভৱ কৰে গাঁওবাসীয়ে । কাৰণ গাঁওখনত নাই ভাল বাট-পথ , নাই বিদ্যুতৰ ব্যৱস্থা । খোৱাপানীৰ বাবেও নাই কোনো সঠিক আঁচনি । অনাময় যোজনাৰ অধীনতো সুচাৰু ৰূপে হোৱা নাই শৌচালয়ৰ ব্যৱস্থা ।