অসম

assam

ETV Bharat / state

ফ্ৰান্স ৰাষ্ট্ৰপতিৰ এক বিতৰ্কিত মন্তব্যক লৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদ - মন্তব্য

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ এক বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে কৰিমগঞ্জৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলো ৷ শুকুৰবাৰে জিলাখনৰ বিভিন্ন ঠাইত ইমানুৱেল মেক্ৰনৰ পুত্তলিকা দাহ কৰা লগতে ফ্রান্সৰ জাতীয় পতাকাত জুই লগাই তীব্র প্রতিবাদ সাবস্ত মুছলমান সম্প্ৰদায়ৰ এই লোকসকলৰ ৷

Karimganj muslim people protest against Franch president Emmanuel Macron's comment on Islam
ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিতৰ্কিত মন্তব্যক লৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদ

By

Published : Oct 31, 2020, 7:37 AM IST

কৰিমগঞ্জ,31 অক্টোবৰ : নবী হজৰত মহম্মদক লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কৰা বিতৰ্কিত মন্তব্যৰ পাচত সমগ্ৰ বিশ্বত প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ কৰিমগঞ্জতো অব্যাহত আছে প্ৰতিবাদ ।

শুকুৰবাৰে জিলাখনৰ বিভিন্ন ঠাইত তীব্র প্রতিবাদ সাবস্ত কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে । কৰিমগঞ্জ নিলামবজাৰ, পাথাৰকান্দিৰ কঠামনি,ৰাতাবাৰী আৰু বদৰপুৰত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পুত্তলিকা দাহ কৰা লগতে ফ্রান্সৰ জাতীয় পতাকাত জুই লগাই তীব্র প্রতিবাদ সাবস্ত কৰে ।

ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিতৰ্কিত মন্তব্যক লৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিবাদ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ফ্ৰান্সৰ সামগ্ৰী বৰ্জন কৰক, ফ্ৰান্স মুৰ্দাবাদ আদি শ্ল’গান দি উত্তাল কৰি তোলে কালপানীৰ পৰিৱেশ । আনহাতে মুছলমান ৰাষ্ট্ৰসমূহক ক্ষমা খুজিবলৈকো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক :পুঁজিপতিৰ ওচৰত বিক্ৰী হৈছে সোণোৱাল চৰকাৰ : দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details