কৰিমগঞ্জ,৩ছেপ্টেম্বৰ :অৱশেষত আৰক্ষীৰ জালত পৰিল কৰিমগঞ্জত এগৰাকী বোৱাৰী হত্য়াৰে জড়িত এগৰাকী মহিলা । হাছিনা বেগম নামৰ এগৰাকী বোৱাৰীৰ হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীয়ে দিলৱাৰ বেগম নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । দিলৱাৰ মৃত হাছিনা বেগমৰ স্বামী আব্দুল মতিনৰ দ্বিতীয়া পত্নী বুলি জানিব পৰা গৈছে ।
হত্যাৰ অভিযোগত কৰিমগঞ্জত আটক মহিলা - বোৱাৰী হত্য়া
কৰিমগঞ্জত হাছিনা বেগম নামৰ এগৰাকী বোৱাৰী হত্যাৰ লগত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলাক আটক কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে । ধৃত মহিলাগৰাকী মৃত হাছিনাৰ স্বামী আব্দুল মতিনৰ দ্বিতীয়গৰাকী পত্নী । আনহাতে এতিয়াও পলাতক মৃত হাছিনাৰ স্বামী আব্দুল মতিন ৷
সাত বছৰ পূৰ্বে বড়গুল অঞ্চলৰ আব্দুল মতিন নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল হাছিনা বেগম । কিন্তু বিবাহৰ এবছৰ পিছতে মতিনে দিলৱাৰ বেগম নামৰ আন এগৰাকী মহিলাক বিয়া কৰোৱাৰ পিছৰে পৰা মতিন আৰু হাছিনাৰ মাজত আৰম্ভ হয় কন্দলৰ । তাৰোপৰি যৌতুকৰ দাবীৰে প্ৰায়েই হাছিনাৰ ওপৰত মতিনে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই যোৱাৰ অভিযোগ আছিল । অৱশেষত অত্যাচাৰে চৰমসীমা অতিক্ৰম কৰিলে। হাছিনা বেগমক ডিঙি চেপি হত্যা কৰি হত্যাকাৰীয়ে পলায়ন কৰে।
আশ্চৰ্যজনকভাৱে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছিল দুই অভিযুক্ত ক্ৰমে হাছিনাৰ স্বামী আব্দুল মতিন আৰু দ্বিতীয়া পত্নী দিলৱাৰ বেগম। সম্প্ৰতি নিলামবজাৰ আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত আব্দুল মতিনৰ দ্বিতীয়া পত্নী দিলৱাৰ বেগমক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।