অসম

assam

ETV Bharat / state

কৰিমগঞ্জত মাস্ক অবিহনেই পূজা মণ্ডপত উপস্থিত স্বয়ং বিধায়ক

সাধাৰণ ৰাইজ নহয়,এইবাৰ বিধায়কৰ মুখতেই নাই মাস্ক। প্ৰশাসনৰ নিৰ্দেশনালৈ বুঢ়া আঙুলি দেখুৱাই COVID-19ৰ প্ৰট'কল ভংগ কৰিলে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে। মাস্ক পৰিধান নকৰাকৈয়ে পূজাৰ মণ্ডপে মণ্ডপে ঘূৰি ফুৰিল বিধায়কগৰাকী।

By

Published : Oct 26, 2020, 3:31 PM IST

কৰিমগঞ্জত মাস্ক অবিহনেই পূজা মণ্ডপত উপস্থিত স্বয়ং বিধায়ক
কৰিমগঞ্জত মাস্ক অবিহনেই পূজা মণ্ডপত উপস্থিত স্বয়ং বিধায়ক

কৰিমগঞ্জ, ২৬ অক্টোবৰ: খোদ বিধায়কেই উপলুঙা কৰে COVID-19ৰ স্বাস্থ্যবিধিক। দুৰ্গা পূজাত সংক্ৰমণ বৃদ্ধিৰ আশংকাত চৰকাৰে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু প্ৰশাসনৰ নিৰ্দেশক আওকাণ কৰি কৰিমগঞ্জত মাস্ক পৰিধান নকৰাকৈয়ে পূজাৰ মণ্ডপে মণ্ডপে তহল দিলে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে।

কৰিমগঞ্জত মাস্ক অবিহনেই পূজা মণ্ডপত উপস্থিত স্বয়ং বিধায়ক

সামাজিক দূৰত্ব, মাস্ক এইবিলাক ব্যৱস্থা যেন কেৱল সাধাৰণ জনতাৰ বাবেহে। দুৰ্গোৎসৱৰ নামত যাতে মহামাৰীৰ সংক্ৰমণ হ'ব নোৱাৰে,তাৰ বাবে কেতবোৰ নীতি-নিয়ম বান্ধি দিছিল কৰিমগঞ্জ জিলা প্ৰশাসনে। কিন্তু পূজাত সেৱা-অৰ্চনা আগবঢ়োৱাৰ নামত ঠায়ে ঠায়ে দেখা গৈছে সাধাৰণ জনতাৰ লগতে ৰজাঘৰীয়ায়ো ভংগ কৰিছে তেনে নীতি-নিয়ম।

কৰিমগঞ্জত মাস্ক অবিহনেই পূজা মণ্ডপত উপস্থিত স্বয়ং বিধায়ক

সপ্তমীৰ দিনাৰ পৰা বিজয়া দশমীলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপত সাংগো-পাংগোসহ হাজিৰ হোৱা দেখা গৈছে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানক। COVID-19 প্ৰট’কল ভংগ কৰি পূজাৰ মণ্ডপে মণ্ডপে,মাস্ক নোহাৱাকৈ ঘূৰি ফুৰিছে।

লগতে পঢ়ক:হাটশিঙিমাৰীৰ বটতলাত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details