কৰিমগঞ্জ, 8 আগষ্ট :কৰিমগঞ্জ জিলাৰ এগৰাকী দশম শ্ৰেণীৰ কিশোৰীৰ ডিঙি কটা ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি দিয়াৰ দাবী জনাইছে স্থানীয় লোকে ৷ অঞ্চলটোৰ লোকসকলে লগতে তদন্তৰ নামত নিৰ্দোষী ব্যক্তিক হাৰাশাস্তি বন্ধ কৰাৰ বাবে প্ৰশাসনক সকিয়াই দিয়ে । অন্যথা ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে স্থানীয় লোকে ৷ উল্লেখ্য যে,29 জুলাইত নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাটইয়া বজাৰৰ আনিছা টেক্সটাইল নামৰ এখন কাপোৰৰ দোকানৰ ট্ৰাইল ৰুমৰ পৰা ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল ছাজিদা আখতাৰ নামৰ এগৰাকী দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী । ডিঙি কটা অৱস্থাত চটফটাই থকা কিশোৰীগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে ৷
কৰিমগঞ্জত তদন্তৰ নামত নিৰ্দোষী ব্যক্তিক হাৰাশাস্তি বন্ধ কৰাৰ দাবী - শিলচৰ মেডিকেল কলেজ হাস্পাতাল
শিলচৰ মেডিকেল কলেজ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন থকা কিশোৰীৰ লগত প্ৰকৃততে কি হৈছিল ঘটনা সংঘটিত হোৱাৰ দহ দিনৰ পাছতো সেই ৰহস্য উদ্ঘাটন কৰাত নিলামবজাৰ আৰক্ষী ব্যৰ্থ হোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ।
শিলচৰ মেডিকেল কলেজ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন থকা কিশোৰীৰ লগত প্ৰকৃততে কি হৈছিল ঘটনা সংঘটিত হোৱাৰ দহ দিনৰ পাছতো সেই ৰহস্য উদ্ঘাটন কৰাত নিলামবজাৰ আৰক্ষী ব্যৰ্থ হোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। তদুপৰি কিশোৰীৰ পৰিয়ালৰ ফালৰ পৰা গোচৰ ৰুজু কৰাৰ পিছত ৰহস্যজনক ভাৱে সমগ্ৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে নিলামবজাৰ আৰক্ষীয়ে। আৰক্ষীৰ বিৰুদ্ধে সঠিক তদন্ত নকৰি গোচৰীয়াক পথভ্ৰষ্ট কৰাৰো অভিযোগ উত্থাপিত হৈছে । দক্ষিণ কৰিমগঞ্জৰ মুল্লাগঞ্জৰ সচেতন ৰাইজে শুকুৰবাৰে ঘটনাস্থলীত এক সংবাদমেল আয়োজন কৰি আৰক্ষী প্ৰশাসনক শীঘ্ৰে ঘটনাৰ ৰহস্য উদ্ঘাটন কৰি দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ।
লগতে পঢ়ক : ১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান