কৰিমগঞ্জ, ৮অক্টোবৰ: শাসনৰ গাদীত বহাৰ পিচতে ৰাজ্যত ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিব বুলি দিয়া প্ৰতিশ্ৰুতি পাহৰিলে বি জে পিয়ে। বিদ্যুতৰ নামত নিতৌ হাৰাশাস্তি সন্মুখীন হ’ব লগীয়া হৈছে কৰিমগঞ্জৰ ৰাইজ । নিলামবজাৰৰ বিদ্যুৎ পৰিষদৰ কার্যালয় কৰ্তৃপক্ষই নিয়মীয়াকৈ বিদ্যুৎ যোগান নধৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । আনহাতে, অতিৰিক্ত মাছুল সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে কৰ্তৃপক্ষৰ বিৰুদ্ধে ।
অনিয়মীয়া বিদ্যুৎ যোগানক লৈ উত্তাল কৰিমগঞ্জৰ নিলামবজাৰ - কৰিমগঞ্জ
কৰিমগঞ্জৰ নিলামবজাৰৰ বিদ্যুৎ পৰিষদৰ কার্যালয়ত উত্তপ্ত পৰিস্থিতি। অনিয়মীয়া বিদ্যুৎ যোগান, অতিৰিক্ত মাছুল সংগ্ৰহক লৈ অতিষ্ঠ ৰাইজ । যুৱ কংগ্রেছৰ ক্ষুদ্ধ সদস্য আৰু ৰাইজে ঘেৰাও কৰিলে নিলামবজাৰস্থিত বিদ্যুৎ পৰিষদৰ কার্যালয় ।
অনিয়মীয়া বিদ্যুৎ যোগানক লৈ উত্তাল কৰিমগঞ্জৰ নিলামবজাৰ
এটা বা দুটা বৈদ্যুতিক বাল্ব ব্যৱহাৰ কৰা একাংশ লোকৰ নামত ৩-৪ হাজাৰ টকাৰ বিদ্যুতৰ বিল পঠিয়াই দিয়াৰো অভিযোগ উত্থাপন হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীন কাণ্ডত অতিষ্ঠ হৈ বৃহস্পতিবাৰে বিদ্যুৎ পৰিষদৰ কার্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে দক্ষিণ কৰিমগঞ্জ যুৱ কংগ্রেছৰ ক্ষুদ্ধ সদস্য আৰু ৰাইজে। অতি শীঘ্ৰে সমস্যাৰ সমাধানৰ বাবে নিলামবজাৰস্থিত বিদ্যুৎ পৰিষদৰ কার্যালয়ৰ এছ ডি অ'ক দাবী জনায় ।
লগতে পঢ়ক: অটল সুৰংগৰে পাৰ হ'ল সেনাৰ প্ৰথমটো কনভয়