কৰিমগঞ্জ,12 ছেপ্টেম্বৰ:কৰিমগঞ্জৰ জিলা প্ৰশাসনে দূৰ্গা পূজাৰ আয়োজন সম্পৰ্কত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ সৰু পেণ্ডেলতে জাকজমকতা আৰু ডিজে অবিহনে উদযাপন কৰিব লাগিব এইবাৰৰ পূজা ৷ অঞ্জঁলি আৰু প্ৰসাদ বিতৰণতো আৰোপ কৰা হৈছে বাধা নিষেধ ৷ পূজা পেণ্ডল সমূহৰ বাহিৰত থাকিব ৰেপিদ এক্সন টিম (RAT) ৷
জাকজমকতা অবিহনে সৰু পেণ্ডেলতে উদযাপন কৰিব লাগিব পূজা !
সমাগত শাৰদীয় দূৰ্গা পূজা ৷ কিন্তু মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ বাবে এতিয়া আতংকিত জিলাখনৰ পূজাৰ আয়োজক কমিটি সমূহ ৷ কি দৰে পালন কৰা হ’ব এইবাৰৰ দূৰ্গা পূজা ! এই প্ৰসংগত শুকুৰবাৰে কৰিমগঞ্জত জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুস্থিত হৈ যায় এখন সভা ৷ সভাখনত পূজাৰ আয়োজন সম্পৰ্কত লোৱা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ৷
জাকজমকতা অবিহনে সৰু পেণ্ডেলতে উদযাপন কৰিব লাগিব পূজা !
ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দূৰ্গা প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰতো বিসৰ্জনৰ দিন ধাৰ্য্য কৰা হৈছে ৩ দিনলৈকে ৷ কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত সভাখনত প্ৰতিখন পূজা কমিটিৰ সভাপাতি সকলক ক’ভিড নীতিক অনুসৰণ কৰি পূজা আয়োজনৰ বাবে আহ্বান জনায় জিলা প্ৰশাসনে ।
অন্য এক খবৰৰ বাবে: দলগাঁৱত যুৱতীৰ ৰহস্যজনক মৃত্যু