অসম

assam

By

Published : Dec 12, 2020, 6:47 PM IST

ETV Bharat / state

ক্ৰীড়া সংস্থাৰ অনুমতি অবিহনে বিজেপিৰ সভাৰ বাবে অধিগ্ৰহণ খেল পথাৰ

কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ অনুমতি অবিহনেই বিজেপিয়ে কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত কৰিবলৈ লৈছে অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি আজি কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাই তীব্ৰ প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷

-protested-against-the-meeting-place-of-assam-bjp-state-executive-meeting
খেল পথাৰত খেল নহয়, অনুষ্ঠিত হ'ব বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

কৰিমগঞ্জ, 12 ডিচেম্বৰ :বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাক লৈ সৰৱ হৈ পৰিছে কৰিমগঞ্জ জিলা ক্ৰীয়া সংস্থা ৷ কিয়নো সংস্থাৰ অনুমতি অবিহনেই বিজেপিয়ে কৰিমগঞ্জ জিলা ক্ৰীয়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত কৰিবলৈ লৈছে অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷

অহা ২৬ আৰু ২৭ ডিসেম্বৰ কৰিমগঞ্জত অনুষ্ঠিত হ'ব অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভা । এই সভাখনত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদি লগতে বহুকেইজন মন্ত্ৰী আৰু বহু কেইজন সাংগঠনিক পদাধিকাৰী । ইতিমধ্যে এই সভাত লৈ কৰিমগঞ্জ জিলা বিজেপি আৰু ৰাজ্যিক কমিটিৰ লগত আলোচনা হোৱাৰ কথা জানিবলৈ দিছে বিজেপি দলৰ এক সূত্ৰই ।

খেল পথাৰত খেল নহয়, অনুষ্ঠিত হ'ব বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

উল্লেখ্য যে, সভাখনত কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত কৰিবৰ বাবে দিহা কৰা হৈছিল ৷ কিন্তু জিলা ক্ৰীড়া সংস্থাই আয়োজন কৰা এখন ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে উক্ত সময়ত সভা অনুষ্ঠিত কৰিবৰ বাবে কৰিমগঞ্জ জিলা ক্ৰীয়া সংস্থাই অনুমতি প্ৰদান কৰা নাই ৷

ইয়াৰ পিচতেই কৰিমগঞ্জ জিলা উপায়ুক্তই এই খেল পথাৰখন সভাৰ বাবে অধিগ্ৰহণ কৰে জানিবলৈ দিয়ে ক্ৰীড়া সংস্থাৰ কৰ্তৃপক্ষই । সেয়েহে এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি আজি কৰিমগঞ্জ জিলা ক্ৰিয়া সংস্থাই তীব্ৰ প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক:ৰাজ্যত দেখা দিছে আন এক মহামাৰী ডিফথেৰিয়া

ABOUT THE AUTHOR

...view details