অসম

assam

By

Published : Jul 25, 2020, 10:34 AM IST

ETV Bharat / state

অতিৰিক্ত জিলা উপায়ুক্তক দুৰ্ব্যৱহাৰ কৰি আৰক্ষীৰ জালত এজন যুৱক

জিলা প্ৰশাসকৰ সৈতে কৰা অভব্য আচৰণৰ অভিযোগত কৰিমগঞ্জৰ পাথাৰকান্দিত গ্ৰেপ্তাৰ হয় দেবাশিস সিন্হা নামৰ এজন যুৱক ৷ প্ৰশাসনে জিলাৰ বাহিৰলৈ যাবলৈ অনুমতি প্ৰদান নকৰাৰ বাবে অতিৰিক্ত জিলা উপায়ুক্তক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত প্ৰেপ্তাৰ কৰা হয় যুৱকজনক ৷

Karimganj Additional Deputy commissioner misbehaved by a man
অতিৰিক্ত জিলা উপায়ুক্তক দুৰ্ব্যৱহাৰ কৰি আৰক্ষীৰ জালত এজন যুৱক

কৰিমগঞ্জ, 25 জুলাই : শুকুৰবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিৰ জিলা প্ৰশাসকৰ সৈতে কৰা অভব্য আচৰণৰ অভিযোগত প্ৰেপ্তাৰ হয় এজন যুৱক ৷

অভিযোগ অনুসৰি, পাথাৰকান্দিৰ দেবাশিস সিন্হা নামৰ এজন যুৱকক কৰিমগঞ্জৰ অতিৰিক্ত জিলা উপায়ুক্ত ৰঞ্জিত কুমাৰ লস্কৰে অন্য জিলালৈ যাবলৈ অনুমতি প্ৰদান কৰা নাছিল । চৰকাৰী নিৰ্দেশনা মতে, এই সময়ছোৱাত কোনো লোককে জিলাৰ বাহিৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই ৷

অতিৰিক্ত জিলা উপায়ুক্তক দুৰ্ব্যৱহাৰ কৰি আৰক্ষীৰ জালত এজন যুৱক

গতিকে, দেবাশিস সিন্হাক প্ৰশাসনে জিলাৰ বাহিৰলৈ যাবলৈ অনুমতি প্ৰদান নকৰাত যুৱকজনে অতিৰিক্ত জিলা উপায়ুক্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে আৰু অতিৰিক্ত জিলা উপায়ুক্ত গৰাকীক দুৰ্ব্যৱহাৰ কৰে ৷ ইয়াৰ পাচতে অতিৰিক্ত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সুৰক্ষাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে যুৱকজনক প্ৰেপ্তাৰ কৰি কৰিমগঞ্জ আৰক্ষীৰ হাতত গতাই দিয়ে ৷

লগতে পঢ়ক : ড্ৰ'ন ব্যৱহাৰৰ জৰিয়তে অধিক শক্তিশালী হ'ব বন্যপ্ৰাণীৰ সুৰক্ষা ব্যৱস্থা

ABOUT THE AUTHOR

...view details