প্ৰশাসনৰ উপস্থিতিত অবৈধ গৰু ব্যৱসায় !
উল্লেখ্য যে, উচ্চতম ন্যায়লয়ে সীমান্তৰ 20 কিলোমিটাৰৰ ভিতৰত গৰুৰ বজাৰ থাকিব নোৱাৰিব বুলি জাৰি কৰিছিল জাননী ৷
প্ৰশাসনৰ উপস্থিতিত অবৈধ গৰু ব্যৱসায়
কৰিমগঞ্জ, 5 আগষ্টঃ প্ৰশাসনৰ উপস্থিতিত ভাৰত-বাংলা সীমান্তত অবৈধ গৰু ব্যৱসায় ৷ সীমান্তৰ পৰা তিনি কিলোমিটাৰ দূৰত্বৰ গান্ধাই নামৰ অঞ্চলত প্ৰশাসনৰ নিৰ্দেশ অৱমাননা কৰি চলিছে গৰু ব্যৱসায় ৷ উল্লেখ্য যে, উচ্চতম ন্যায়লয়ে সীমান্তৰ 20 কিলোমিটাৰৰ ভিতৰত গৰুৰ বজাৰ থাকিব নোৱাৰিব বুলি জাৰি কৰিছিল জাননী ৷ তাৰ পাচতো প্ৰতি সোমবাৰে অবৈধভাৱে উক্ত অঞ্চলত গৰু ব্যৱসায় চলাই অহা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰি আহিছে ৷