কৰিমগঞ্জ, 1 জানুৱাৰী :কৰিমগঞ্জত বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে অবৈধ চেগুনৰ কুন্দা । ত্ৰিপুৰাৰ পঞ্জীয়ন থকা এখন বলেৰো পিক আপ বাহন সহ জব্দ কৰা হৈছে প্ৰায় 1 লাখ টকা মূল্যৰ অবৈধ চেগুনৰ কুন্দাখিনি ।
TR-05 B-1713নম্বৰৰ বলেৰো পিক আপ বাহনৰে সৰবৰাহ কৰাৰ সময়তে বন বিভাগৰ লোকে পাথাৰকান্দি বাইপাছ এলেকাৰ পৰা জব্দ কৰে অবৈধ চেগুনৰ কুন্দা ভৰ্তি বলেৰ' বাহনখন । লগতে, বাহনখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিবল সক্ষম হৈছে বন বিভাগে ।
আটক হোৱা লোক দুজনৰ নাম ক্ৰমে, ছাইফুল আৰু জুবেল আহমেদ বুলি জানিব পৰা গৈছে । আটকাধীন দুয়োজন লোকৰ ঘৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে ।
উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰাই এটা চক্ৰই অবৈধভাৱে মূল্যবান গছ কাটি সৰবৰাহ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছিল ৷ যাৰ বাবে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা বন বিভাগে অভিযান চলাই অবৈধ কাঠ ভৰ্তি বলেৰ' বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :নৱবৰ্ষৰ প্ৰথমটো দিনতে বিটিআৰত দপ্তৰ বিতৰণ