অসম

assam

ETV Bharat / state

ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি কৰিমগঞ্জত অব্যাহত গৰুৰ বজাৰ!!

কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত থকা অবৈধ বজাৰ সমূহৰ পৰা গৰু বাংলাদেশলৈ সৰবৰাহ চলি আছে ৷ কেনেদৰে কাটা তাঁৰৰ বেৰ কাটি গৰু সৰবৰাহ চলে বাংলাদেশলৈ এই সম্পৰ্কীয় বাতৰি একমাত্ৰ ইটিভি ভাৰতে সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু তাৰ পিছতো ৰহস্যজনক ভাবে গা লৰা নাই প্ৰশাসনৰ । শুকোৰবাবে কৰিমগঞ্জ চহৰৰ AOC পইন্টত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় |

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি কৰিমগঞ্জত অব্যাহত অবৈধ গৰুৰ বজাৰ!!

By

Published : Aug 10, 2019, 9:09 AM IST

কৰিমগঞ্জ, 10 আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি দীৰ্ঘদিনৰ পৰা চলিছিল অবৈধ গৰুৰ বজাৰ । কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত থকা অবৈধ বজাৰ সমূহৰ পৰা গৰু বাংলাদেশলৈ সৰবৰাহ চলি আছে ৷ কেনেদৰে কাটা তাঁৰৰ বেৰ কাটি গৰু সৰবৰাহ চলে বাংলাদেশলৈ এই সম্পৰ্কীয় বাতৰি একমাত্ৰ ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল, কিন্তু তাৰ পিছতো ৰহস্যজনক ভাৱে গা লৰা নাই প্ৰশাসনৰ । শুকুৰবাবে কৰিমগঞ্জ চহৰৰ AOC পইন্টত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি কৰিমগঞ্জত অব্যাহত অবৈধ গৰুৰ বজাৰ!!

সীমান্তৰ ৮ কিলোমিটাৰ নিলগৰ অবৈধ গৰুৰ বজাৰৰ পৰা গৰু লৈ কৰিমগঞ্জ চহৰ পাৰ হোৱাৰ সময়ত গৰু কঢ়িয়াই অনা তিনিখন বাহন আবদ্ধ কৰে স্থানীয় ৰাইজে | উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কিদৰে ভাৰত বাংলাদেশ সীমান্তৰ ২০ কিঃমিঃ ভিতৰত থকা বজাৰৰ পৰা গৰু লৈ কঢ়িয়াই আনিব পাৰিলে, ইয়াকে লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে | ইয়াৰ পিচতে ঘটনাস্থলীত কৰিমগঞ্জ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ গৰুৰ গাড়ী কেইখন এৰি দিব বিচৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ বৰ্তমানেও উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে চহৰখনত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি কৰিমগঞ্জত অব্যাহত অবৈধ গৰুৰ বজাৰ!!

ABOUT THE AUTHOR

...view details