অসম

assam

ETV Bharat / state

ন্যায়ালয়ৰ নিৰ্দেশক আওকাণ কৰি অব্যাহত চোৰাং গৰুৰ ব্যৱসায়

অসম-মেঘালয় সীমান্তৱৰ্তী মালিডহৰ সমীপত ৰাজ্যিক সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কাছাৰ জিলাৰ গুমৰা, কালাইন, কাঠিগৰা আৰক্ষী চকীৰ সন্মুখৰে কৰিমগঞ্জৰ মাজেৰে চোৰাং গৰু ব্যৱসায়ীসকলে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ বিভিন্ন সীমান্তৰে বাংলাদেশলৈ প্ৰেৰণ কৰি আহিছে গৰু ৷ এইক্ষেত্ৰত অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ নীৰৱ ভূমিকা ৰহস্যজনক হিচাপে পৰিগণিত হৈছে ৷

Illegal cattle business continues to ignore court directives in karimganj assam etv bharat news
চোৰাং গৰুৰ ব্যৱসায় অব্যাহত

By

Published : Aug 21, 2020, 3:11 PM IST

কৰিমগঞ্জ,21 আগষ্ট:এইবাৰ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰি ধাৰাবাহিকভাৱে অব্যাহত আছে চোৰাং পশুধনৰ সৰবৰাহ ৷ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়লৈ বিভিন্ন সময়ত অবৈধভাৱে প্ৰেৰণ কৰা গৰু সীমান্ত সুৰক্ষা বাহিনীৰ হাতত আটক হোৱা কাৰ্যই এই কথাকে প্ৰতীয়মান কৰিছে ৷

উল্লেখ্য যে, অসম-মেঘালয় সীমান্তৱৰ্তী মালিডহৰ সমীপত ৰাজ্যিক সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কাছাৰ জিলাৰ গুমৰা, কালাইন, কাটিগড়া আৰক্ষী চকীৰ সন্মুখেৰে কৰিমগঞ্জৰ মাজেৰে চোৰাং গৰু ব্যৱসায়ীসকলে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ বিভিন্ন সীমান্তৰে বাংলাদেশলৈ গৰুপ্ৰেৰণ কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ এইক্ষেত্ৰত অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ নীৰৱ ভূমিকা ৰহস্যজনক হিচাপে পৰিগণিত হৈছে বুলিও অভিযোগ একাংশৰ ৷

চোৰাং গৰুৰ ব্যৱসায় অব্যাহত

তাৎপৰ্যপূৰ্ণভাৱে উত্থাপিত অভিযোগ অনুসৰি,কৰিমগঞ্জৰ এগৰাকী আৰক্ষীৰে সৈতে হোৱা বুজাবুজিমৰ্মে কালীগঞ্জ এলেকাৰ খুদ্ৰাকান্দী গাঁৱৰ চোৰাং গৰু ব্যৱসায়ী উকীল আহমেদে কিছুদিনপূৰ্বে মেঘালয়ৰ লোমচোলোঙৰ পৰা নিলামত ৫৪ টা গৰু কাছাৰ জিলাৰ মাজেৰে সৰবৰাহ কৰে ৷ উল্লেখ্য যে,পূৱ জয়ন্তীয়া পাহাৰীয়া জিলাৰ লোমচোলং থানাত ৯৪(৭)/৯৫(৭)/৯৬(৭) ২০২০ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছিল ৷ এই গোচৰৰ অধীনত মেঘালয় আদালতে বিগত 3 আগষ্টত দিয়া নিৰ্দেশমৰ্মে ৫৪ টা গৰু নিলাম কৰা হয় । এই নিলামৰ নিৰ্দেশতে আদালতে কিছু নীতি নিয়ম বান্ধি দি স্পষ্টকে উল্লেখ কৰি কৈছিল যে, এই ৫৪ টা গৰু মেঘালয়ৰ জয়ন্তীয়া হিলছ জিলাৰ বাহিৰে আন কোনো ঠাইলৈ নিব নোৱাৰিব । আনকি অসম আৰু বাংলাদেশলৈয়ো প্ৰেৰণ কৰিব নোৱাৰিব ৷ তাৰপিছতো মেঘালয়ৰ লোমচোলঙৰ পৰা গৰুসমূহ সৰবৰাহ কৰা হৈয়ে আছে ৷

লগতে চাওকঃজৰুৰী বৈঠকত মিলিত অগপৰ শীৰ্ষ নেতৃবৰ্গ

ABOUT THE AUTHOR

...view details