কৰিমগঞ্জ, 16 অক্টোবৰ :বিজয়া দশমীৰ দিনটোতে পুনৰ ৰাজ্যত নাৰীৰ সুৰক্ষাৰ প্ৰতি প্ৰশ্নবোধকৰ সৃষ্টি কৰা এক অমানৱীয় ঘটনা সংঘটিত হয় ৷ এই ঘটনা সংঘটিত হয় এইখন অসমৰে কৰিমগঞ্জ জিলাৰ নিলামবাজাৰ আৰক্ষী থানাৰ অধীনৰ কালাছড়া গাঁৱত ৷ বিজয়া দশমীক লৈ আৰক্ষী তথা ৰাইজ ব্যস্ত হৈ থকাৰ সময়তে এগৰাকী স্বামীয়ে নিজ পত্নীক গুলীওৱাৰ ঘটনা সংঘটিত হয় ৷
অভিযোগ অনুসৰি, কালাছড়াৰ চাফিকুৰ ৰহমান নামৰ লোকজনে নিশা অতৰ্কিতে নিজ পত্নী ৰাজিয়া বেগমক উদ্দেশ্য কৰি গুলীচালনা কৰে ৷ মুঠ দুই ২ জাঁই গুলি চলাই কৰা এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় পত্নী ৰাজিয়া বেগম । ইয়াৰ পিছতে পৰিয়ালৰ আন সদস্যসকলে তাৎক্ষণিকভাৱে নিলামবাজাৰ আৰক্ষীক বিষয়টো খবৰ দিয়ে ৷ ইয়াৰ লগতে গুৰুতৰভাৱে আহত অৱস্থাত ৰেজিয়া বেগমক নিলামবাজাৰ হাস্পতাললৈ লৈ যায় পৰিয়ালৰ লোকে ।