কৰিমগঞ্জ,10 ছেপ্তেম্বৰ:কৰিমগঞ্জত বৃহস্পতিবাৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এএনএম পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে ৷ প্ৰাৰ্থীসকলে দীৰ্ঘদিনীয়া নিযুক্তিৰ দাবী পূৰণ নোহোৱাত এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ উক্ত প্ৰাৰ্থীসকলে সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল মানি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰাৰ্থীসকলে গ্ৰহণ কৰা আমৰণ অনশন কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ ওচৰত নিযুক্তিৰ দাবী উত্থাপন কৰে ৷
আমৰণ অনশনত বহিল কৰিমগঞ্জৰ এএনএম প্ৰাৰ্থী - প্ৰতিবাদ
কৰিমগঞ্জৰ এএনএম পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে গ্ৰহণ কৰিছে আমৰণ অনশন কাৰ্যসূচী ৷ চৰকাৰে দীৰ্ঘদিনে প্ৰাৰ্থীসকলক নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখাৰ প্ৰতিবাদত গ্ৰহণ কৰে এই অনশনৰ কাৰ্যসূচী ৷
আমৰণ অনশনত এএনএম প্ৰাৰ্থী
বিষয় প্ৰসংগত এগৰাকী প্ৰাৰ্থীয়ে বিগত পাঁচ বছৰ পূৰ্বে প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছতো নিযুক্তি নোহোৱাৰ কথা ক্ষোভেৰে প্ৰকাশ কৰে ৷ নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থীসকলে পূৰ্বতে এই বিষয়ত কেইবাবাৰো মুখ্যমন্ত্ৰী,স্বাস্থ্য মন্ত্ৰীকে ধৰি জিলা উপায়ুক্তকতো স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইদৰে আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷
লগতে চাওকঃবৰহোলাত জব্দ বিদেশী সুৰা