কৰিমগঞ্জ, 28 আগষ্ট :ৰাজ্যত COVID-19 ত্ৰাস অব্যাহত থকাৰ সময়তে শুকুৰবাৰে অসমত প্ৰৱেশৰ প্ৰাকমুহুৰ্তত ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা । অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত এখন ডাম্পাৰ গাড়ীত তালাচী চলাই ত্ৰিপুৰা আৰক্ষীয়ে ডাম্পাৰৰ তলত থকা কেবিনৰ পৰা উদ্ধাৰ কৰে 500 পেকেট গাঞ্জা । যাৰ বজাৰ মূল্য প্ৰায় 50 লাখ টকা বুলি জানিব পৰা গৈছে ।
জব্দ কৰা গাড়ীখনত TR 01 H 1689 নম্বৰৰ এখন নম্বৰ প্লেট লগোৱা আছিল যদিও গাড়ীখনত আছিল AS 01 JC 9417 নম্বৰৰ আন এখন নম্বৰ প্লেট । আৰক্ষীয়ে গাড়ীৰ চালক সবুজ মিঞা আৰু হেণ্ডিমেন ছত্তাৰ মিঞা নামৰ দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।
অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ ইফালে, ত্ৰিপুৰা আৰক্ষীৰ তথ্য অনুসৰি, আগৰতলাৰ পৰা বুজন পৰিমাণৰ গাঞ্জা সহ এখন ডাম্পাৰ অসমত যোৱাৰ উদ্দেশ্যৰে আহি আছিল । সেই মতে ত্ৰিপুৰা আৰক্ষীয়ে অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত বাহৰ পাতি সন্ধিয়াৰ পূৰ্বে ট্ৰাকখন সীমান্ত পোৱাৰ লগে লগে ত্ৰিপুৰা আৰক্ষীয়ে ঘেৰাও কৰি তালাচী আৰম্ভ কৰে । অৱশেষত ডাম্পাৰৰ তলত থকা বিশেষ কেবিনৰ পৰা উদ্ধাৰ হয় 50 পেকেট গাঞ্জা ।
উল্লেখ্য যে, অসমৰ কোন ঠাইলৈ আচলতে গাঞ্জাখিনি লৈ যোৱাৰ কথা আছিল সেয়া বৰ্তমানেও চালক আৰু হেণ্ডিমেন গৰাকীয়ে প্ৰকাশ কৰা নাই ৷ কিন্তু ত্ৰিপুৰা আৰক্ষীয়ে এই সন্দৰ্ভত সোধাপোচা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : ক্ষমতাৰ লোভত মত্ত শিল্পী-নেতা: কি কয় ছাত্ৰ সমাজে ?