কৰিমগঞ্জ, 29 অক্টোবৰ : এতিয়াও সম্পূৰ্ণৰূপে শাম কটা নাই অসম-মিজোৰাম সীমান্তৰ উত্তেজনা ৷ বিভিন্ন পৰ্যায়ত এই সীমা বিবাদক লৈ আলোচনা অব্যাহত আছে যদিও কোনো সমাধান সূত্ৰ বৰ্তমানলৈ পোৱা হোৱা নাই ৷ অসমৰ সৈতে চলি থকা মিজোৰামৰ সীমা বিবাদৰ আলোচনাৰ বাবে কৰিমগঞ্জত উপস্থিত অসমৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং । কৰিমগঞ্জৰ আৱৰ্ত ভৱনত জিলা উপায়ুক্ত আম্বামুথান এম পিৰ সৈতে আলোচনাত মিলিত হয় শীৰ্ষ বিষয়াগৰাকী ।
কাছাৰ জিলাৰ উপৰিও কৰিমগঞ্জৰ মেদলীছৰা, ভূবিৰবন্দ এলেকাৰ অসমৰ প্ৰায় তিনি কিলোমিটাৰ মাটি নতুনকৈ দখল কৰে মিজোৰামে । কৰিমগঞ্জ জিলা প্ৰশাসনে মিজোৱে দখল কৰা এটা ঘৰ উচ্ছেদ কৰাৰ পৰবৰ্তী সময়ত সেই ঘৰ আকৌ দখলৰ লগতে কেইবা শ বিঘা মাটি নতুন কৈ দখল কৰে । সেই ভূমি এতিয়া মিজোৰ দখলত আছে । কৰিমগঞ্জ জিলাৰ কিমান মাটি মিজোৱে দখল কৰি ৰাখিছে সেই সন্ধৰ্ভত কৰিমগঞ্জৰ আৱৰ্ত ভৱনত আলোচনাত মিলিত হয় জি পি সিং ।
অসম-মিজোৰাম সীমা বিবাদৰ বুজ ল’লে জি পি সিঙে উল্লেখ্য যে, কিছুদিন পূৰ্বে কৰিমগঞ্জৰ উপায়ুক্তই মিজোৰ আগ্ৰাসনক ৰোধ কৰাৰ উদ্দেশ্যে অসমৰ ভূমিত মিজোৱে নিৰ্মাণ কৰা আন্তঃ গাঁঠনি ধ্বংস কৰে ৷ কিন্তু তাৰ পাচতেই ঘটাই তীব্ৰ ৰূপ লয় ৷ কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত মিজোৱে লাইলাপুৰ অঞ্চলত বহুকেইটা অসমীয়া পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ লগতে ধ্বংস কৰে প্ৰায় অৰ্থশতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ৷ অসমৰ লোকৰ ওপৰত প্ৰাণঘাটী আক্ৰমণ চলায় ৷ তাৰ পাচতেই লোকসকলে আশ্ৰয় ল’ব লগা হয় লাইলাপুৰৰ আশ্ৰয় শিৱিৰত ৷
এই ঘটনাৰ পাচতেই সমগ্ৰ অঞ্চলটোত 144 ধাৰা জাৰী কৰা হয় ৷ তাৰ মাজতেই বৈঠকত মিলিত হয় মিজোৰাম আৰু অসমৰ গৃহ সচিবদ্বয় ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎক্ষণিকভাৱে ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰাৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী জ’ৰাম থাংগাৰ সৈতেও টেলিফোনিকভাৱে বাৰ্তালাপ কৰে ৷ কিন্তু এই সকলো প্ৰক্ৰিয়াৰ পাচতো উত্তেজনাৰ অৱসান ঘটনা নাই অসম-মিজোৰাম সীমান্তত ৷ যাৰ ফলত সেইস্থানত বাস কৰাত শংকা প্ৰকাশ কৰিছে অসমৰ লোকসকলে ৷
লগতে পঢ়ক :অসমৰ ব্যৱসায়ীক ৰাজ্যত প্ৰৱেশত বাধা মেঘালয় চৰকাৰৰ