কৰিমগঞ্জ, 28 জুনঃযোৱা 20 জুনত কৰিমগঞ্জৰ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল তিনিজনকৈ কাৰাবন্দীয়ে ৷ চৰকাৰী নিৰ্দেশ অনুসৰি আটাকেইজন কাৰাবন্দীক 14 দিনৰ বাবে জেলৰ ভিতৰতে আছুতীয়া কক্ষত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে সেই কোঠাৰ খিৰিকী ভাঙি কাৰাগাৰৰ ওপৰেৰে পলাই যাবলৈ সক্ষম হয় ৷ পলাতক কাৰাবন্দী কেইজন ক্ৰমে ফয়জুৰ ৰহমান, ওৱাহিদ আলী আৰু মুছকান আলীয়ে কাৰাগাৰৰ দেৱালেৰে বগাই জাপ দি পলায়ন কৰে বুলি উল্লেখ কৰে কাৰাগাৰখনৰ অধীক্ষক গৰাকীয়ে ৷
কৰ্তব্যত হেমাহি: কৰিমগঞ্জৰ জিলা কাৰাগাৰৰ চাৰি কৰ্মচাৰীক নিলম্বন
কৰিমগঞ্জৰ জিলা কাৰাগাৰৰ পৰা যোৱা 20 জুনত তিনিজনকৈ কাৰাবন্দী পলায়ন কৰিছিল ৷ কাৰাবন্দী কেইজনৰ পলায়নৰ সময়ত কৰ্তব্য নিয়োজিত থকা চাৰি গৰাকী লোকক কৰ্তব্যত হেমাহিৰ অভিযোগত সম্প্ৰতি নিলম্বিত কৰা হৈছে ৷
four worker of karimganj district jail has suspended
কাৰাবন্দী কেইজনৰ পলায়নৰ সময়ত কাৰাগাৰৰ কৰ্তব্যত নিয়োজিত আছিল চাৰি গৰাকী কৰ্মচাৰী ৷ সম্প্ৰতি তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হৈছে কৰ্তব্যত হেমাহিৰ অভিযোগ ৷ যাৰ বাবে জেইলাৰ ৰঞ্জন চৌধুৰী, সহ ৱাৰ্ডাৰ ৰঞ্জন নাথ, আতাবুৰ ৰহমান বৰভূঞা আৰু কালী কুমাৰ দাস নামৰ চাৰিওগৰাকী কৰ্মচাৰীকে নিলম্বন কৰা হৈছে ৷ লগতে চাৰি গৰাকী লোকক আন স্থানলৈ বদলিও কৰা হৈছে ৷
লগতে পঢ়কঃধুবুৰীত বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ