অসম

assam

ETV Bharat / state

অশ্ৰুসিক্ত নয়নেৰে মেঘালয়ৰ কয়লাখনিত নিহত চাৰি শ্ৰমিকক বিদায় - বিধায়ক বিজয় মালাকৰ

কৰিমগঞ্জৰ ৰাতাবাৰীস্থিত নিজ বাসগৃহত মেঘালয়ৰ কয়লাখনিত মৃত্যু হোৱা তিনি ভাতৃসহ চাৰি গৰাকী শ্ৰমিকৰ মৃতদেহ আহি পোৱাৰ পাচতে জানাজাৰ নামাজত উপস্থিত শতাধিক ৰাইজ ৷ মৃতকৰ ঘৰত উপস্থিত হৈ শোক আৰু সমবেদনা জ্ঞাপন কৰাৰ লগতে চৰকাৰী সাহাৰ্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকৰে ৷

meghalaya labours death
অশ্ৰুসিক্ত নয়নেৰে বিদায় মেঘালয়ৰ কয়লাখনিত নিহত চাৰি শ্ৰমিকক

By

Published : Jan 25, 2021, 9:37 PM IST

কৰিমগঞ্জ,25 জানুৱাৰী : মেঘালয়ৰ কয়লাখনিত মৃত্যু হোৱা তিনি ভাতৃসহ চাৰিজন শ্ৰমিকৰ জানাজাৰ নামাজত উপস্থিত শতাধিক শোকাহত লোক । মৃতদেহ নিজ গাঁৱত আহি পোৱাৰ পিছত শোকাহত হৈ পৰিল অঞ্চলবাসী । কৰিমগঞ্জৰ ৰাতাবাৰীৰ জালালাবাদ গাঁৱৰ নতুন বজাৰত জানাজাৰ নামাজত উপস্থিত হৈছে শতাধিক লোক ৷ একেই পৰিয়ালৰ তিনি ককাই-ভাইৰ মৃত্যুত বাকৰুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

ইফালে, মৃতকৰ ঘৰত উপস্থিত হৈ শোক আৰু সমবেদনা জ্ঞাপন কৰে ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকৰে ৷ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতি প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ চৰকাৰী সাহাৰ্য প্ৰদানৰ বাবে অনুৰোধ জনায় বিধায়কগৰাকীয়ে ৷

অশ্ৰুসিক্ত নয়নেৰে বিদায় মেঘালয়ৰ কয়লাখনিত নিহত চাৰি শ্ৰমিকক

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাচতে কৰিমগঞ্জ আৰু মেঘালয়ৰ প্ৰশাসনৰ সৈতে যোগাযোগ স্থাপনেৰে মৃতদেহকেইটা উদ্ধাৰ আৰু মৰণোত্তৰ পৰীক্ষা কৰি নিজ বাসগৃহলৈ অনাৰো ব্যৱস্থা কৰিছে বিধায়ক বিজয় মালাকৰে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰীয়া জিলাৰ ডেইনচালুলো অঞ্চলত কয়লাৰ খনিত কাম কৰি থাকোতে ক্ৰেনৰ চেপাত মৃত্যু হৈছিল চাৰিজনকৈ অসমৰ শ্ৰমিকৰ ৷ নিহত কেইজন হৈছে কৰিমগঞ্জ জিলাৰ ৰাতবাৰী সমষ্টিৰ জালাবাদৰ জিলাল উদ্দিন, মিক দিলৱাৰ হুছেইন, আলী হুছেইন আৰু মকবুল হুছেইন ৷ কয়লাৰ গাঁতত কাম কৰি থকাৰ সময়তে ক্ৰেনৰ চেপাত প্ৰায় 200 ফুট তলত চাৰিওজন শ্ৰমিক সোমাই যায় আৰু মৃত্যু হয় চাৰিওজনৰে ৷

লগতে পঢ়ক :কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা !

ABOUT THE AUTHOR

...view details