অসম

assam

ETV Bharat / state

অসম-ত্ৰিপুৰা সীমান্তত আটক চাৰি বাংলাদেশী নাগৰিক - Assam-Tripura border

ত্ৰিপুৰাৰ কৈলাশহৰ থানাৰ অন্তৰ্গত পাইতৰ বজাৰৰ মটৰ ষ্টেণ্ডৰ পৰা দেওবাৰে ত্ৰিপুৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই চাৰিজনকৈ বাংলাদেশী নাগৰিকক আটক কৰে ৷

অসম-ত্ৰিপুৰা সীমান্তত আটক চাৰি বাংলাদেশী নাগৰিক
অসম-ত্ৰিপুৰা সীমান্তত আটক চাৰি বাংঅসম-ত্ৰিপুৰা সীমান্তত আটক চাৰি বাংলাদেশী নাগৰিকলাদেশী নাগৰিক

By

Published : Apr 19, 2021, 6:28 AM IST

Updated : Apr 19, 2021, 12:24 PM IST

কৰিমগঞ্জ,19 এপ্ৰিল :ত্ৰিপুৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত ত্ৰিপুৰাৰ কৈলাশহৰ থানাৰ অন্তৰ্গত পাইতৰ বজাৰৰ মটৰ ষ্টেণ্ডৰ পৰা চাৰিজনকৈ সন্দেহজনক নাগৰিকক আটক কৰা হয় ৷ আটক কৰা লোক কেইজনক বাংলাদেশী নাগৰিক বুলি চিনাক্ত কৰিছে আৰক্ষীৰ লোকে ৷ আটক কৰা লোক কেইজন বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ ছাহান আলি, ৰাজন মিঞা, নান্টু মিঞা আৰু আহমেদ আলি। নিশাৰ ভাগত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ পাচতে লোক কেইজনক আটক কৰে সীমান্ত সুৰক্ষা বাহিনী আৰু ত্ৰিপুৰা আৰক্ষীয়ে ৷

অসম-ত্ৰিপুৰা সীমান্তত আটক চাৰি বাংলাদেশী নাগৰিক

উল্লেখ্য যে, আৰক্ষীৰ জেৰাত কৰ্ম সংস্থাপনৰ বাবে ভাৰতৰ ভূমিত প্ৰৱেশ কৰা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে আটকাধীন চাৰি বাংলাদেশীয়ে ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা নগদ 8,500 টকা জব্দ কৰাৰ লগতে নিজৰ জিম্মাত ৰাখিছে ৷ আনহাতে, ত্ৰিপুৰাক কৰিডৰ হিচাপে ব্যবহাৰ কৰি সঘনাই বাংলাদেশৰ পৰা অবৈধভাৱে কেৱল বাংলাদেশৰ নহয়, আন ৰাষ্ট্ৰৰ লোকেও ভাৰতত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে । বিভিন্ন সময়ত অসম আৰক্ষীয়েও অসম-ত্ৰিপুৰা সীমান্ত এলেকাৰ পৰা আন আন ৰাষ্ট্ৰৰ বহু নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু: অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Last Updated : Apr 19, 2021, 12:24 PM IST

ABOUT THE AUTHOR

...view details