অসম

assam

ETV Bharat / state

কৰিমগঞ্জত ভদীয়া বানৰ তাণ্ডৱ

বাংলাদেশৰ পৰা অহা বানত বুৰ গৈছে কৰিমগঞ্জৰ কেইবা হাজাৰ বিঘা ধাননি পথাৰ । বিস্তৰ ক্ষতি সাধন হৈছে দক্ষিণ কৰিমগঞ্জৰ আংগুৰা, ইলাশপুৰ গাঁও পঞ্চায়ত আৰু উত্তৰ কৰিমগঞ্জৰ গান্ধাই আৰু ব্ৰাহ্মণ শাসন পঞ্চায়তৰ এলেকা ৷

FLOOD DESTROYED PADDY FIELDS AT KARIMGANJA
কৰিমগঞ্জত ভদীয়া বানৰ তাণ্ডৱ

By

Published : Sep 2, 2020, 6:22 PM IST

কৰিমগঞ্জ,2আগষ্টঃ বাংলাদেশৰ পৰা অহা পানীত বুৰ গৈছে কৰিমগঞ্জ জিলাৰ কেইৱা হাজাৰ বিঘা ধাননি পথাৰ । বিস্তৰ ক্ষতি সাধন হৈছে দক্ষিণ কৰিমগঞ্জৰ আংগুৰা, ইলাশপুৰ গাঁও পঞ্চায়ত আৰু উত্তৰ কৰিমগঞ্জৰ গান্ধাই আৰু ব্ৰাহ্মণ শাসন পঞ্চায়ত এলেকাৰ কেইবা হাজাৰ বিঘা কৃষি ভূমি ।

কৰিমগঞ্জত ভদীয়া বানৰ তাণ্ডৱ

ভাদ মহীয়া বানত তচ-নচ হ’বলৈ ধৰিছে কৃষকে অশেষ কষ্টৰে কৰা আপোন খেতি ডৰা । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ভাৰত বাংলাদেশ সীমান্ত এলেকাৰ ফুলকান্দি আৰু বুবাছৰাৰ ওচৰত বাংলাদেশে দুটাকৈ বান্ধ নিৰ্মাণ কৰিছে । ফলত বাংলাদেশৰ পানী ভাৰতত প্ৰৱেশ কৰিছে ।

উল্লেখযোগ্য যে, বাংলাদেশৰ পৰা অহা পানীৰ ফলত বুৰ গৈছে দক্ষিণ কৰিমগঞ্জ আৰু উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজাৰ-হাজাৰ বিঘা ধাননি পথাৰ । ইপিনে আকম্মিক ভাবে অহা বানৰ কৱলত পৰি খেতিয়ক সকলে হাহাকাৰ কৰিবলগীয়া হৈছে । বিস্তীৰ্ণ এলেকাৰ কৃষিভূমি একপ্ৰকাৰ নিশ্চিহ্ন হৈ গৈছে বানত । আনহাতে বাঢ়নী পানীৰ খবৰ লাভ কৰি বানপানী এলেকা পৰিদৰ্শন কৰে কৰিমগঞ্জ জিলা কৃষি বিষয়াই ৷

লগতে পঢ়কঃ অচিৰেই পৰিৱৰ্তন সাধন হ’ব অসমৰ শিক্ষা বিভাগত

ABOUT THE AUTHOR

...view details