কৰিমগঞ্জ, 19 এপ্ৰিল : যিটো সময়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছে দেহৰক্ষীবাহিনী ৷ ঠিক তেনে সময়তে দেহৰক্ষীবিহীনভাৱে ঘূৰি ফুৰিবলগীয়া হৈছে এগৰাকী বিধায়ক ৷ কিয়নো তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে ৰিগিঙৰ অভিযোগ ৷ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ উত্থাপন হোৱাত নিৰ্বাচন আয়োগে সাময়িকভাৱে প্ৰত্যাহাৰ কৰিলে বিধায়কগৰাকীৰ দেহৰক্ষী ৷
দেহৰক্ষীবিহীন এগৰাকী বিধায়ক ! - আজিজ আহমেদ খান
ৰিগিঙৰ অভিযোগ উত্থাপন হোৱা কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিলে কৰিমগঞ্জ জিলা আৰক্ষী অধীক্ষকে ৷
আজিজ আহমেদ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ
দক্ষিণ কৰিমগঞ্জৰ 153 আৰু 152 নং ভোট গ্ৰহণ কেন্দ্ৰত এ.আই.ইউ.ডি.এফৰ বিধায়কগৰাকীৰ দেহৰক্ষীয়ে নিৰ্বাচন আয়োগে দিয়া ভোটাৰ পত্ৰ (slip) বিতৰণ কৰি একাংশ ভোটাৰক প্ৰভাম্বিত কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনাক কেন্দ্ৰ কৰি ভোটগ্ৰহণ কেন্দ্ৰ দুটাত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল ৷