অসম

assam

ETV Bharat / state

কৰিমগঞ্জত হিমন্ত ফেনচ্ ক্লাবৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে ভৱিষ্যতে এনেধৰণৰ আক্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে ৷ অন্যথা তেওঁলোকে পশ্চিমবংগত গৈ এনে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি হুংকাৰ দিয়ে ৷

By

Published : May 9, 2019, 12:35 PM IST

হিমন্ত বিশ্বৰ উপৰত আক্ৰমনক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

কৰিমগঞ্জ , 09 মে': পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি বুধবাৰ নিশা কৰিমগঞ্জত হিমন্ত বিশ্ব ফেনচ্ ক্লাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চহৰখনৰ পেট্ৰ'ল পাম্প পইণ্টত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰি পশ্চিমবংগত সংঘটিত হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় মন্ত্ৰীগৰাকীৰ অনুৰাগীসকলে ৷

হিমন্ত বিশ্বৰ উপৰত আক্ৰমনক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে ভৱিষ্যতে এনেধৰণৰ আক্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে ৷ অন্যথা তেওঁলোকে পশ্চিমবংগত গৈ এনে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি হুংকাৰ দিয়ে ৷ উল্লেখ্য যে মঙলবাৰে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ পশ্চিমবংগৰ ৰাজ্যিক সভাপতি আৰু নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ ওপৰত আক্ৰমণ চলাইছিল ৷

ABOUT THE AUTHOR

...view details