কৰিমগঞ্জ, 9 ছেপ্টেম্বৰ : কৰিমগঞ্জৰ পাথাৰকান্দিত উত্তপ্ত পৰিস্থিতি ৷ মাছ ব্যৱসায়ীয়ে ভাঙি চূৰমাৰ কৰিলে কেবাখনো পকী দোকান।
কৰিমগঞ্জত মাছ ব্যৱসায়ীৰ তাণ্ডৱ - চুৰমাৰ কৰিলে কেবাখনো পকী দোকান
কৰিমগঞ্জৰ পাথাৰকান্দিত মাছ বজাৰৰ স্থানত পকী ঘৰ-দোকান নিৰ্মাণক কেন্দ্ৰ কৰি মাছ ব্যৱসায়ীসকলে ভাঙি চূৰমাৰ কৰে দোকান-ঘৰ
ঘটনা অনুসৰি,কৰিমগঞ্জৰ পাথাৰকান্দিত এটা সময়ত স্থায়ী মাছ বজাৰ এখন আছিল ৷ মাছ ব্যৱসায়ীৰ অভিযোগ অনুসৰি কংগ্ৰেছৰ শাসন কালত একাংশ স্থানীয় লোকে মাছ বজাৰৰ মাটি দখল কৰি সেই স্থানত নিৰ্মাণ কৰি লয় পকী ঘৰ-দোকান ৷ প্ৰায় 5-6টা পকী ঘৰ সাজি লয় মাছ বজাৰৰ ঠাইত ৷ মাছ ব্যৱসায়ীসকলৰ একমাত্ৰ এই বজাৰখনেই জীৱিকাৰ পথ আছিল ৷ কিন্তু বজাৰখনৰ ঠাইত পকী ঘৰ-দোকান নিৰ্মাণ কৰাত ব্যৱসায় বন্ধ হৈ পৰে মাছ ব্যৱসায়ীসকলৰ ৷ যাৰ বাবে ব্যৱসায়ীসকলে দেওবাৰে হাতে-হাতে হাতুৰী লৈ দোকান-বাসগৃহ ভাঙিবলৈ ওলাই আহে ৷