কৰিমগঞ্জ, 19 ডিচেম্বৰ:কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ প্রাক মূহূৰ্তত উত্তৰ কৰিমগঞ্জত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ শক্তি প্রদর্শন। বিশাল বাইক ৰেলীৰে আৰম্ভ কৰা কাৰ্যনিৰ্বাহত সভাত বিজেপি দলৰ তীব্র সমালোচনা কৰিলে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ।
২৩ আৰু ২৪ ডিচেম্বৰত প্ৰথমবাৰলৈ কৰিমগঞ্জত অনুষ্ঠিত হ'ব অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভা । তাৰ বাবে চূড়ান্ত প্রস্তুতি চলিছে ৷ প্রস্তুতি পৰ্যবেক্ষণ কৰিবলৈ কৰিমগঞ্জত বাহৰ পাতি আছে ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকল। তাৰ মাজতেই বিজেপিক প্ৰত্যাহ্বান জনায় বিধায়কগৰাকীয়ে ৷