কৰিমগঞ্জ,2 অক্টোবৰঃ কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত পনেৰোঘৰ সংলগ্ন লঙাইনৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ কৰিমগঞ্জ আৰক্ষী থানাৰ পনেৰোঘৰ সংলগ্ন লঙাইনৈত আজি এটা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে, উদ্ধাৰ হোৱা মৃতদেহটো প্ৰায় 50 উৰ্ধৰ কোনো পুৰুষৰ বুলি জানিব পৰা গৈছে ৷
কৰিমগঞ্জত অচিনাক্ত মৃতদেহ উদ্ধাৰ - আৰক্ষী উপস্থিত
মৃতদেহটো প্ৰায় 50 উৰ্ধৰ কোনো পুৰুষৰ বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
কৰিমগঞ্জত অচিনাক্ত মৃতদেহ উদ্ধাৰ