অসম

assam

ETV Bharat / state

পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ ধৰিবকে নোৱাৰি !

বৰাক উপত্যকাৰ ঘাইপথৰ তথৈবচ অৱস্থা । কিন্তু কাণষাৰ নাই গড়কাপ্তানি বিভাগৰ ।

By

Published : Jun 18, 2019, 5:40 PM IST

পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ ধৰিবকে নোৱাৰি !

পাথাৰকান্দি,১৮জুনঃ বৰাক উপত্যকাৰ পাথাৰকান্দি অঞ্চলত পথ নিৰ্মাণৰ নামত প্ৰহসন । বহু বছৰ ধৰি এনেদৰেই আছে পাথাৰকান্দিৰ এই ঘাইপথটো । হেজাৰ হেজাৰ লোকৰ একমাত্ৰ ভৰসা এই পথটো । এই পথটোৰেই যাব লাগে বিএছএফ কেম্পলৈও ।

পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ ধৰিবকে নোৱাৰি !

উল্লেখনীয় কথা যে, পাথাৰকান্দি ব্লক বজাৰৰ পৰা আনিপুৰ ৰ'ড নিৰ্মাণৰ বাবে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বৰাক উপত্যকাৰ এক হেজাৰ কোটি টকাৰ মুখ্যমন্ত্ৰী বিশেষ পেকেজ আৱন্টিত হৈছিল । কিন্তু কামৰ দায়িত্বত থকা ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ একাংশ দুৰ্নীতিপৰায়ণ চৰকাৰী কাৰ্যকৰ্তাৰ মিতিৰালিত নিম্নমানৰ কামৰ ফলতে নিৰ্মাণৰ এবছৰৰ পিছত ঘাইপথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি স্থানীয় ৰাইজে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত থকা বৃহৎ কেলেংকাৰী পোহৰলৈ আনিবলৈ দাবী জনাইছে প্ৰশাসনক ।

ABOUT THE AUTHOR

...view details