কৰিমগঞ্জ, 20 জুলাই :গণসংক্ৰমনৰ দিশে আগবাঢ়িছে কৰিমগঞ্জ । ক'ভিড-19ৰ নীতি অনুসৰি সামাজিক সংক্ৰমন ৰোধৰ বাবে ৰোগাক্ৰান্তৰ ঘৰৰ এলেকাটো কনটেনমেন্ট জ'ন কৰাটো বাধ্যতামূলক । কিন্তু এনে জাননী ধোঁৱা চাঙত উঠিছে জিলাখনত ৷ কেৰেপ কৰা নাই স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে।
বৰ্তমান জিলাত প্ৰতিদিনে ভ্ৰমণ বৃত্তান্ত নথকা ব্যক্তিৰ দেহত কৰ'ণাৰ উপস্থিতি যথেষ্ট মাত্ৰাত বৃদ্ধি পাই আছে । যোৱা ৭তাৰিখত আমি ইটিভি ভাৰতৰ ৰ দৰ্শকক দেখুৱাইছিলো জিলাৰ আন ঠাই ৰাউতগ্ৰাম,ধৰকোনা এই সমূহ গাঁৱত ক'ভিড-19 আক্ৰান্ত হোৱা ব্যাক্তিৰ ঘৰৰ চাৰিফালে কোনো কণ্টেইনমেনট জ'নৰ ব্যৱস্থা নকৰাৰ লগতে, দিয়া হোৱা নাই কোনো খাদ্য সামগ্ৰী।