কৰিমগঞ্জ, 26 মেঃ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ অসামৰিক চিকিৎসালয় COVID HOSPITAL হিচাপে ঘোষণা কৰা হৈছে ৷ কিন্তু উক্ত চিকিৎসালয়খনত কোৱাৰেন্টাইন হৈ থকা লোকসকলক উপযুক্ত খাদ্য যোগান নধৰাৰ অভিযোগ উঠিছে ৷
উপযুক্ত খাদ্য যোগান ধৰিবলৈ চৰকাৰক আহ্বান কংগ্ৰেছী নেতাৰ - কৰিমগঞ্জ
কৰিমগঞ্জ আৰু হাইলাকান্দিৰ অসামৰিক চিকিৎসালয় COVID HOSPITAL হিচাপে ঘোষণা চৰকাৰ প্ৰশাসনৰ ৷ কোৱাৰেন্টাইন হৈ থকা লোকক উপযুক্ত খাদ্য যোগান ধৰিবলৈ চৰকাৰক আহ্বান কংগ্ৰেছ নেতা প্ৰতাপ সিনহাই ৷
ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ বৰাক উপত্যকাতো বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা । ইতিমধ্যে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ অসামৰিক চিকিৎসালয় COVID HOSPITAL হিচাপে ঘোষণা কৰিছে চৰকাৰ প্ৰশাসনে ৷ উল্লেখযোগ্য যে, ক'ৰণা আক্ৰান্ত ৰোগীৰ বাবে 50 খন বিছনাৰ সুবিধা আছিল যদিও এতিয়ালৈকে 77 গৰাকী ৰোগী চিনাক্ত হৈছে । উক্ত জিলাকেইখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চিকিৎসালয়খনত থকা লোকসকলৰ মাজত উপযুক্ত খাদ্যৰ নাটনি হোৱা বুলি অভিযোগ কৰাত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰতাপ সিনহা কেন্দ্ৰটোত উপস্থিত হয় ৷ আনহাতে হাইলাকান্দিৰ অসামৰিক চিকিৎসালয় COVID HOSPITAL হিচাপে অতি শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনায় কংগ্ৰেছৰ নেতাজনে ৷ চিকিৎসালয়খনত কোৱাৰেন্টাইন হৈ থকা লোকসকলক উপযুক্ত খাদ্য যোগান ধৰাৰ লগতে উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাই সম্পাদকগৰাকীয়ে ৷
লগতে পঢ়ক-সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত তৃতীয়জন অভিযুক্ত আটক