অসম

assam

By

Published : Oct 5, 2020, 1:14 PM IST

ETV Bharat / state

প্ৰস্তাৱিত মেডিকেল কলেজক লৈ কৰিমগঞ্জত বিজেপি কৰ্মীৰ অন্তৰ্কন্দল

উল্লেখ্য যে, পাথাৰকান্দি সমষ্টিত মেডিকেল কলেজ স্থাপনৰ বাবে স্বাস্থ্য মন্ত্ৰীক দিয়া স্মাৰকপত্ৰত স্বাক্ষৰ কৰিছিল সাংসদ কৃপানাথ মাল্লাই ৷ কিন্তু বৰ্তমান পাথাৰকান্দিৰ বিপৰীতে নিজ গৃহ সমষ্টি ৰাতবাৰীত মেডিকেল কলেজখন স্থাপনৰ বাবে সৰৱ হৈ পৰিছে সাংসদগৰাকী ৷ যাৰ পৰিপেক্ষিতত ক্ষোভিত হৈ পৰিছে পাথাৰকান্দিৰ বিজেপি কৰ্মীসকল ৷

Conflict between two BJP team on the matter of proposed medical college
প্ৰস্তাৱিত মেডিকেল কলেজ স্থাপনক লৈ কৰিমগঞ্জত বিজেপি কৰ্মীৰ মাজত অন্তকন্দল

কৰিমগঞ্জ, 5 অক্টোবৰ:কৰিমগঞ্জত মেডিকেল কলেজ স্থাপনক কেন্দ্ৰ কৰি পাথাৰকান্দি আৰু ৰাতাবাৰীৰ সমষ্টিৰ বিজেপিৰ দুই ফৈদৰ মাজত সংঘাত ৷ কৰিমগঞ্জ জিলাত প্ৰস্তাৱিত মেডিকেল কলেজ খনৰ বিৰোধিতাৰে খোদ বিজেপিৰ সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে আন্দোলনৰ ভাবুকি দিলে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে ৷ এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কৰিমগঞ্জ জিলা বিজেপিৰ নেতা কৰ্মী সকলৰ মাজত ৷ উল্লেখ্য যে, পাথাৰকান্দি সমষ্টিত মেডিকেল কলেজ স্থাপনৰ বাবে স্বাস্থ্য মন্ত্ৰীক দিয়া স্মাৰকপত্ৰত স্বাক্ষৰ কৰিছিল সাংসদ কৃপানাথ মাল্লাই ৷ কিন্তু বৰ্তমান পাথাৰকান্দিৰ বিপৰীতে নিজ গৃহ সমষ্টি ৰাতবাৰীত মেডিকেল কলেজ খন স্থাপনৰ বাবে সৰৱ হৈ পৰিছে সাংসদ গৰাকী ৷ যাৰ পৰিপেক্ষিতত ক্ষোভিত হৈ পৰিছে পাথাৰকান্দিৰ বিজেপি কৰ্মী সকল ৷ পাথাৰকান্দিত মেডিকেল কলেজখন স্থাপন নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে পাথাৰকান্দিৰ বিজেপি কৰ্মী সকলে ৷

প্ৰস্তাৱিত মেডিকেল কলেজ স্থাপনক লৈ কৰিমগঞ্জত বিজেপি কৰ্মীৰ মাজত অন্তকন্দল

সোমবাৰে পাথাৰকান্দিৰ সোনাখীৰাত এখন সংবাদমেলৰ আয়োজন কৰি এই বিষয় সন্দৰ্ভত সৰৱ হৈ পৰে বিজেপিৰ চাহ জনজাতি মৰ্চা আৰু নিৰ্বাচিত জনপ্ৰতিনিধি সকল ৷ তেঁওলোকৰ দাবী ভৌগলিক দৃষ্টিৰে যদি বিচাৰ কৰা যায় তেন্তে দেখা যায় যে পাথাৰকান্দি সমষ্টি মেডিকেল কলেজৰ বাবে উপযুক্ত ঠাই ৷ আনহাতে উক্ত স্থানত মেডিকেল কলেজ নিৰ্মাণৰ বাবে পৰ্যাপ্ত আৰু উপযুক্ত ভূমি থকাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী হোৱাৰ বাবে উক্ত স্থানলৈ ৰোগীৰ যাতায়তত সহায় হ'ব বুলি উল্লেখ কৰিছে চাহ জনজাতি মৰ্চা আৰু নিৰ্বাচিত জনপ্ৰতিনিধি সকলে ৷ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী হোৱাৰ বাবে পাথাৰকান্দিত মেডিকেল স্থাপন হলে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰু মিজোৰামৰ লোকও উপকৃত হ'ব বুলি উল্লেখ কৰে সংবাদ মেলৰ আয়োজক সকলে ৷ সংবাদ মেলত উপস্থিত থকা বিজেপি কৰ্মী সকলৰ দাবী পাথাৰকান্দিতে হ'ব লাগিব মেডিকেল কলেজ ৷ আনকি প্ৰয়োজনত পাথাৰকান্দি বিধানসভা সমষ্টিত মেডিকেল স্থাপন হোৱাটো কিমান প্ৰয়োজনীয় সেইয়া দাঙি ধৰিবৰ বাবে দিছপুৰলৈ গৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ কাষ চাপিব বুলিও উল্লেখ কৰে বিজেপি কৰ্মী সকলে ৷

প্ৰস্তাৱিত মেডিকেল কলেজ স্থাপনক লৈ কৰিমগঞ্জত বিজেপি কৰ্মীৰ মাজত অন্তকন্দল

উল্লেখযোগ্য যে, ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণনগৰত এটা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ পাথাৰকান্দি আৰু ৰাতাবাৰীৰ বিধায়ক দুজনে মেডিকেল কলেজখন দুটা ভিন্ন সমষ্টিত স্থাপন কৰিবলৈ বিচৰাৰ বাবেই মেডিকেল কলেজৰ কাম আজিলৈকে হোৱা নাই বুলি উল্লেখ কৰি গৈছে ৷ আনকি তেঁওলোকে নিজৰ মাজত বুজাবুজি কৰি ললে দহ দিনৰ ভিতৰতে মেডিকেল কলেজ কাম আৰম্ভ কৰি দিব সভাত মুকুলিকৈ ঘোষণা কৰিছিল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু নিজ দলৰে নেতৃত্বৰ মাজত সৃষ্টি হোৱা খাম-খেয়ালিৰ বাবে এতিয়া অনিশ্চয়তাৰ দিশে গতি কৰিছে প্ৰস্তাৱিত মেডিকেল কলেজ খনৰ ভৱিষ্যত ৷

লগতে পঢ়কঃকেতিয়া অন্ত পৰিব সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details