অসম

assam

ETV Bharat / state

কৰিমগঞ্জত কয়লা মাফিয়া আৰু বিজেপিৰ যুৱ মৰ্চাৰ সংঘাত

শনিবাৰে নিশা বদৰপুৰ ঘাটত স্থানীয় ৰাইজ আৰু বদৰপুৰ যুৱ মৰ্চাৰ একাংশ কৰ্মকতাই অবৈধ ভাবে সৰবৰাহ কেইখনমান কয়লা ভৰ্তি ট্ৰাক ৰখাই কয়লা পেলাই দিয়াৰ ফলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

By

Published : Nov 22, 2020, 9:04 PM IST

coal mafia syndicate karimganj
কৰিমগঞ্জত কয়লা মাফিয়া আৰু বিজেপিৰ যুৱ মৰ্চাৰ সংঘাট

কৰিমগঞ্জ,22 নৱেম্বৰঃবৰাক উপত্যকাত অব্যাহত আছে মেঘালয়ৰ অবৈধ কয়লা ছিণ্ডিকেট ৷ শনিবাৰে নিশা অবৈধ কয়লা ভৰ্তি এখন ট্ৰাক কৰিমগঞ্জত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ জানিব পৰা মতে, শনিবাৰে নিশা বদৰপুৰ ঘাটত স্থানীয় ৰাইজ আৰু বদৰপুৰ যুৱ মৰ্চাৰ একাংশ কৰ্মকতাই অবৈধ ভাবে সৰবৰাহ কেইখনমান কয়লা ভৰ্তি ট্ৰাক ৰখাই কয়লা পেলাই দিয়াৰ ফলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইপিনে বিজেপিৰ যুৱ মৰ্চাৰ সদস্য সকলে গাড়ী সমূহ ৰখাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা বুলি জানিব পাৰি মুন্না নামৰ কয়লা ছিণ্ডিকেটৰ মাফিয়াটোৱে ঘটনাস্থলীত উপস্থিত হৈ যুৱ মৰ্চাৰ কৰ্মকতা সকলক মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷ উল্লেখযোগ্য যে, সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত বদৰপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় কুমাৰ বৰ্মন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

কৰিমগঞ্জত কয়লা মাফিয়া আৰু বিজেপিৰ যুৱ মৰ্চাৰ সংঘাট

উল্লেখ্য যে ৰাজ্য চৰকাৰে মেঘালয়ৰ কয়লাৰ অসমৰ মাজেৰে সৰবৰাহ কৰাৰ অনুমতি প্ৰদান কৰি ৰাখিছে। যাৰ বাবে অসম আৰক্ষীয়ে কোনো গাড়ী ধৰিব নোৱাৰে । ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবে ১নৱেম্বৰ ২০১৯ তাৰিখে ১৯০১৫/১৯/২০১৯ political-(A)44 যোগে এক নিৰ্দেশনা জাৰি কৰা হৈছিল । সেই নিৰ্দেশনাত উল্লেখ আছিল যদি অতিৰিক্ত মাল বহনকাৰী গাড়ী চোৱা চিতা কৰিব পৰিবহন বিভাগে আৰু কৰ ফাঁকি দিলে কৰ বিভাগে চোৱাচিতা কৰে । আৰক্ষীয়ে কোনো গাড়ী ধৰিব নোৱাৰে বা চোৱা চিতা কৰিব নোৱাৰিব। যদি কোনো ব্যক্তিয়ে অভিযোগ জনায় তেন্তে আৰক্ষীয়ে ব্যবস্থা গ্ৰহণ কৰিব পাৰিব। অৰ্থাৎ ৰাজ্যৰ চৰকাৰে কয়লাৰ চিণ্ডিকেট চলোৱাৰ বাবে আওপকীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে ।

লগতে পঢ়কঃ ডিচেম্বৰত AJPৰ গুৰি ধৰিব লুৰিণজ্যোতি গগৈয়ে

ABOUT THE AUTHOR

...view details