কৰিমগঞ্জ, 24 জুনঃ "ল্যাণ্ডপোৰ্ট অথোৰিটি"ৰ ভূমি কেলেংকাৰিৰ ঘটনাত সোমবাৰে গ্ৰেপ্তাৰ দেৰগাঁৱৰ চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱা ৷ সুতাৰকান্দিত "ল্যাণ্ডপোৰ্ট অথোৰিটি"ৰ ভূমি অধিগ্ৰহণত ৬ কোটি ৬০ লক্ষ টকাৰ আৰ্থিক কেলেংকাৰিত অভিযুক্ত কৰিমগঞ্জৰ প্ৰাক্তন চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱা ৷ আৰ্থিক অনিয়মৰ বাবে বিষয়াজনৰ বিৰুদ্ধে 41 টাকৈ গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়াজনৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰনীত নাথ আৰু মিহিৰ ৰঞ্জন মালাকাৰক ৷
" ল্যাণ্ডপোৰ্ট অথোৰিটি"ৰ ভূমি কেলেংকাৰিত আটক চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱা - কৰিমগঞ্জ
ঘটনা সন্দৰ্ভত ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত আন্তৰ্জাতিক বন্দৰ বনোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবা কোটি টকা আবন্টন দিছিল লগতে বন্দৰ বনোৱাৰ বাবে ৬ কোটি ৬০ লক্ষ টকাৰ মাটি অধিগ্ৰহণ কৰা হৈছিল।
ঘটনা সন্দৰ্ভত ভাৰত বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত আন্তৰ্জাতিক বন্দৰ বনোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবা কোটি টকা আবন্টন দিছিল লগতে বন্দৰ বনোৱাৰ বাবে ৬ কোটি ৬০ লক্ষ টকাৰ মাটি অধিগ্ৰহণ কৰা হৈছিল । ভূমিৰ প্ৰকৃত মালিকক ক্ষতিপূৰণ নিদিয়াকৈ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ এচাম কৰ্মীয়ে প্ৰকৃত মালিকৰ নথি পট্টাৰ জালিয়াতি কৰি মাটিখিনি অন্য এজনৰ নামত কৰি কোটি কোটি টকা আত্মসাৎ কৰে ৷ ফলস্বৰূপে কৰিমগঞ্জ আৰক্ষীয়ে চক্ৰবিষয়াৰ কাৰ্যালয়ৰ দুজনকৈ কৰ্মীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে ৷