কৰিমগঞ্জ, 23 ডিচেম্বৰ :কৰিমগঞ্জত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অথন্তৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণ চলি থকাৰ সময়তে বিদ্যুতে লুকাভাকু খেলিলে ৷ প্ৰায় পাঁচ মিনিট সময় এন্ধাৰতে ভাষণ আগবঢ়ালে মুখ্যমন্ত্ৰী সোণোৱালে ৷
কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আৰম্ভণিৰ পৰা এটাৰ পাচত আনটো বিসংগতিয়ে লগ এৰা নাই ৷ পোৱাৰ ভাগত পতাকা উত্তোলনৰ সময়ত লাগিল প্ৰথমটো কেনা ৷ ওলোটা পতাকা ঠিক কৰিবলৈ লাগিল বহু সময় ৷ ইয়াৰ পাচতে সন্ধিয়াৰ সময়ত মুখ্যমন্ত্ৰীৰ ভাষণ চলি থকাৰ সময়তে বিদ্যুতে জলাকলা খোৱালে ৷