অসম

assam

ETV Bharat / state

পাথাৰকান্দিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহত বিশৃংখল পৰিস্থিতি - মণিলাল গোৱালা

পাথাৰকান্দিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহৰ কাৰ্যসূচী চলি থকাৰ মাজতে সৃষ্টি হ'ল অপ্ৰীতিকৰ পৰিস্থিতি । ছত্তিশগড়ৰ পৰা অহা কংগ্ৰেছৰ নেতাৰ সন্মুখতে দলীয় কৰ্মীৰ মাজতে বিবাদ । অৱশেষত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা লোকসকলক ওলাই যাবলৈ নিৰ্দেশ দিলে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক মণিলাল গোৱালাই ।

পাথাৰকান্দিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহত বিশৃঙ্খল পৰিস্থিতি
পাথাৰকান্দিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহত বিশৃঙ্খল পৰিস্থিতি

By

Published : Feb 13, 2021, 5:01 PM IST

কৰিমগঞ্জ, ১৩ ফেব্ৰুৱাৰী: এফালে মহাজোঁট বন্ধনেৰে কংগ্ৰেছে বিজেপিক পৰাজিত কৰাৰ বাবে ৰণনীতি যুগুত কৰিছে । আনফালে, কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীৰ মাজতে এতিয়া একতাৰ অভাৱ । নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ছত্তিশগড়ৰ পৰা আহিছে কংগ্ৰেছ নেতা নৰেশ ঠাকুৰ । কিন্তু শুক্ৰবাৰে পাথাৰকান্দিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহত নৰেশ ঠাকুৰৰ উপস্থিতিতে একাংশ কংগ্ৰেছ কৰ্মীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ।

পাথাৰকান্দিত কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহত বিশৃঙ্খল পৰিস্থিতি

পৰিস্থিতি বিশৃংখল হোৱাৰ বাবে কিছু সময়ৰ বাবে স্থগিত কৰিবলগীয়া হৈছিল আলোচনা । শুকুৰবাৰে পাথাৰকান্দিৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হৈছিল বুথ সংকল্প সমাৰোহ । এই অনুষ্ঠানত পাথাৰকান্দি আৰু লোৱাইৰপোৱা মণ্ডলৰ কংগ্ৰেছ কৰ্মীসহ সমষ্টিটোৰ বহু প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা উপস্থিত আছিল । কিদৰে ঐক্যবদ্ধ হৈ আগন্তুক নিৰ্বাচনত কাম কৰিব লাগে, এই বিষয়ে প্ৰশিক্ষণ দিয়াৰ বাবে নৰেশ ঠাকুৰ পাথাৰকান্দিত উপস্থিত হৈছিল ।

দলে যিগৰাকী নেতাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব, সেইগৰাকী প্ৰাৰ্থীৰ জয়ৰ বাবে নেতা-কৰ্মীসকলে একেলগে কাম কৰিবলৈ সংকল্প লয় । ইয়াৰ পিছতে যুৱ কংগ্ৰেছৰ নেতা শচীন চাহুৰ সমৰ্থকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰাক্তন বিধায়ক মণিলাল গোৱালাই বিবাদৰ সৃষ্টি কৰা লোকসকলক বাহিৰলৈ ওলাই য়াবলৈ অনুৰোধ জনায় ।

প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাৰ সমৰ্থনত জনপ্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ গৈ একাংশ কৰ্মীয়ে সমাৰোহ চলি থকাৰ মাজতে বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে । দলীয় কন্দল আব্যাহত থকা কংগ্ৰেছে কিদৰে বিজেপিক আগন্তুক নিৰ্বাচনত প্ৰত্যাহ্বান জনাব সেয়া লক্ষনীয় হ'ব ।

লগতে পঢ়ক:গোৱালপাৰাত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ !

ABOUT THE AUTHOR

...view details