অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ ভুক্তভোগী - circle officer

কৰিমগঞ্জৰ বৰ্তমান চক্ৰ বিষয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে আব্দুল ৰজ্জাক নামৰ এজন ভুক্তভোগী । টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰি কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰজু কৰে ৰজ্জাকে ।

কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে আদালতৰ দাৰস্থ ভুক্তভুগী

By

Published : Jul 6, 2019, 2:26 PM IST

কৰিমগঞ্জ,6 জুলাইঃ পুনৰ কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিৰুদ্ধে অভিযোগৰ আঙুলি । কৰিমগঞ্জৰ বৰ্তমান চক্ৰ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আব্দুল ৰজ্জাক নামৰ এজন লোকে | এখন বিবাদিত ভূমিত টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰি বৰ্তমান চক্ৰ বিষয়া ৰাকেশ ডেকাসহ কাৰ্যালয়টোৰ আন দুগৰাকী কৰ্মীৰ বিৰুদ্ধে গোচৰ তৰিছে ৰজ্জাকে | লেণ্ডপোৰ্ট অথৰিটিক মাটি বিক্ৰয় কৰা কেলেংকাৰি লৈ যোৱা সপ্তাহত পূৰ্বৰ চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱাক গ্ৰেপ্তাৰৰ পাছত এইবাৰ টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত হ'ল বৰ্তমান চক্ৰ বিষয়া ৰাকেশ ডেকাৰ ওপৰত । উল্লেখ্য যে, বৃহস্পতিবাৰে আব্দুল ৰজ্জাকে চক্ৰ বিষয়া ৰাকেশ ডেকা, আমিন মিহিৰ চন্দ, আমিন ৰঞ্জিত গোস্বামীৰ ওপৰত কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰজু কৰে । আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে আদালতৰ দাৰস্থ ভুক্তভুগী

ABOUT THE AUTHOR

...view details