কৰিমগঞ্জ, 3 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে কৰিমগঞ্জবাসীয়ে দাঙি ধৰিছে পশু প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন ৷ অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই ত্ৰাসৰ সৃষ্টি কৰা অসুস্থ হাতী এটাক চিকিৎসা প্ৰদান কৰি দাঙি ধৰিলে পশু প্ৰেমৰ নিদৰ্শন ৷
তথ্য অনুসৰি, জিলাখনৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত ছলগই, লংগাই, হাতিখীৰা, মেদলী আদিকে ধৰি বিভিন্ন চাহ বাগিছাৰ এলেকাত বনৰীয়া হাতীয়ে দীৰ্ঘ দিনৰ পৰাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বিগত বছৰৰ দৰে চলিত বৰ্ষতো বনৰীয়া হাতীয়ে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰা হাতীৰ জাকটোৰ মাজৰ পৰা এটা হাতী অসুস্থ হৈ পৰাত অঞ্চলবাসীয়ে হাতীটোৰ চিকিৎসা কৰিবৰ বাবে তদাৰক কৰে ৷