অসম

assam

ETV Bharat / state

BSF detained two bangladeshi: অবৈধভাৱে প্ৰৱেশ কৰি আৰক্ষীৰ জালত দুই বাংলাদেশৰ নাগৰিক - বাংলাদেশী

আৰক্ষীয়ে আটক কৰিছে দুজনকৈ বাংলাদেশীয়ে ৷ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল দুয়োজনে (BSF detained two bangladeshi ) ৷

bsf detained two bangladeshi
অবৈধভাৱে ভাৰতত প্ৰৱেশ বাংলাদেশীৰ

By

Published : May 8, 2023, 2:12 PM IST

অবৈধভাৱে ভাৰতত প্ৰৱেশ বাংলাদেশীৰ

কৰিমগঞ্জ, 8 মে’ : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি আৰক্ষীৰ জালত পৰিছে দুজন বাংলাদেশী ৷ ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ উনকোটিয়ে ত্ৰিপুৰাৰ কৈলাসাগৰৰ লতিয়াপুৰা গাঁৱত উপস্থিত হৈছিল দুই বাংলাদেশী ৷ উক্ত স্থানতেই বিএছএফৰ হাতত ধৰা পৰে দুই বাংলাদেশী ৷ অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশীৰ খবৰ বিয়পি পৰাৰ লগে লগে লতিয়াপুৰা গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ বি এছ এফে ইৰাণী আৰক্ষীক গতাই দিয়াৰ পাচতে দেওবাৰে কৈলাশাহাৰ আদালতলৈ প্ৰেৰণ কৰা হয় বাংলাদেশী দুজন নাগৰিকক (BSF detained two bangladeshi) ৷

মন কৰিবলগীয়া যে বাংলাদেশৰ বগৰা জিলাৰ নন্দিগ্ৰাম থানা এলেকাৰ পৰা ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে লতিয়াপুৰা গাঁৱলৈ আহিছিল ছফিকুল ইছলাম আৰু শুকুৰ আলী (বিশ বছৰীয়া) নামৰ দুজন যুৱক । ধৃত বাংলাদেশী নাগৰিক দুজনে দালালৰ জৰিয়তে অবৈধভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাৰ কথাও জানিবলৈ দিয়ে । দুই বাংলাদেশী নাগৰিকে জনাইছে যে দালাল আনোৱাৰ আলীৰ ঘৰ লটিয়াপুৰা গাঁৱত (angladeshi in Tripura Latiapura village) ।

বি এছ এফৰ কৰ্তব্যৰ শ্বিফ্টৰ সময়ত যোৱা নিশা প্ৰায় এক বজাত ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ লতিয়াপুৰা গাঁৱৰ আনোৱাৰ আলীৰ ঘৰলৈ যায় দুই ধৃত বাংলাদেশী । বি এছ এফে গোপন তথ্যৰ জৰিয়তে আনোৱাৰ আলীৰ ঘৰত তালাচী চলাই দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি ইৰাণী থানালৈ আনি আৰক্ষীক গতাই দিয়ে । বি এছ এফক দেখা পাই পলাই যায় আনোৱাৰ আলী । ধৃত দুই বাংলাদেশীয়ে তামিলনাডুৰ এটা ব্যক্তিগত কোম্পানীত নিৰাপত্তাৰক্ষীৰ কামত নিয়োগ হ’ব বুলি দালাল আনোৱাৰ আলীৰ সৈতে চুক্তিবদ্ধ হৈছিল বুলি জানিবলৈ দিয়ে । অৱশ্যে নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই দালাল আনোৱাৰ আলীয়ে প্ৰায়ে বাংলাদেশৰ পৰা বাংলাদেশী নাগৰিকক ভাৰতলৈ সৰবৰাহ কৰে আৰু তেওঁ চোৰাংচোৱাকে ধৰি সীমান্ত অঞ্চলত বিভিন্ন অপৰাধৰ সৈতে জড়িত ।

লগতে পঢ়ক :Doctor couple’s child abuse case: জেৰাৰ সন্মুখীন ডাঃ সংগীতা; আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা মনোৰোগ বিশেষজ্ঞাৰ

ABOUT THE AUTHOR

...view details