অসম

assam

ETV Bharat / state

কৰিমগঞ্জ চহৰৰ মাজমজিয়াত নৃশংস হত্যাকাণ্ড

চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে জয়দ্বীপ দাস নামৰ এজন লোকক ৷ অঞ্চলজুৰি উত্তেজনা

কৰিমগঞ্জ চহৰৰ মাজমজিয়াত নৃশংস হত্যাকাণ্ড

By

Published : May 31, 2019, 2:47 PM IST

কৰিমগঞ্জ,31 মে' : কৰিমগঞ্জ চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা | চহৰৰ ঘাটলাইন এলেকাত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে জয়দ্বীপ দাস নামৰ এজন লোকক | সুগম ট্ৰান্সপোৰ্টৰ মেনেজাৰ জয়দ্বীপ দাসে আন দিনৰ দৰ ট্ৰান্সপোৰ্টৰ কাউন্টাৰ বন্ধ কৰি ঘৰলৈ উভতাৰ সময়তে কোনো দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে মূৰত ঘপিয়াই হত্যা কৰে | তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ অঞ্চলটোত মদ আৰু জুৱাৰ ব্যৱসায়ৰ চলাই থকা কোনো লোক এই হত্যাৰ আঁৰত জড়িত থকাৰ অভিযোগ ৰাইজৰ ৷ ইপিনে উক্ত ঘটনা সম্পৰ্কত আৰক্ষী প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

কৰিমগঞ্জ চহৰৰ মাজমজিয়াত নৃশংস হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details