কৰিমগঞ্জ, 6 এপ্ৰিলঃ শনিবাৰে বদৰপুৰৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায় কৰিমগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই ৷ প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে দলীয় কাৰ্যালয় মুকলি কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷
বদৰপুৰত কৃপানাথ মাল্লাৰ নিৰ্বাচনী প্ৰচাৰ
বদৰপুৰ চহৰৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই দেশত পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই প্ৰধানমন্ত্ৰী হিচাপে অধিস্থিত হ'ব বুলি মত প্ৰকাশ কৰে মাল্লাই ৷ বদৰপুৰৰ ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি বিধানসভা সমষ্টিটোৰ পৰা তেওঁ অভিলেখসংখ্যক ভোট লাভ কৰিব বুলি আত্মবিশ্বাস ব্যক্ত কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷