অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ অবৈধ গৰু বজাৰত নিষেধাজ্ঞা

কৰিমগঞ্জ জিলা পৰিষদৰ নিয়ন্ত্ৰণত থকা গান্ধাৰ বজাৰত তদন্ত চলাই গৰু ক্ৰয় বিক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে জিলা পৰিষদৰ সঞ্চালক অমলেন্দু দে'ই

By

Published : Aug 3, 2019, 11:27 AM IST

কৰিমগঞ্জৰ অবৈধ গৰু বজাৰত নিষেধাজ্ঞা

কৰিমগঞ্জ, 3 আগষ্ট : দেশৰ সৰ্বোচ্চ ন্যায়লয়ক বুঢ়া আঙুলি দেখুৱাই কৰিমগঞ্জ জিলাৰ আন্তৰ্জাতিক সীমান্তৰ চাৰিৰ পৰা পাঁচ কিলোমিটাৰ নিলগত বহে অবৈধ গৰুৰ বজাৰ। এনে এখন বজাৰ হৈছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত গান্ধাই বজাৰ ৷ অবৈধভাৱে চলি থকা সেই বজাৰখনৰ ওপৰত কিছুদিন পূৰ্বে ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰৰ পিছত অৱশেষত গা লৰিল প্ৰশাসনৰ। কৰিমগঞ্জ জিলা পৰিষদে নিয়ন্ত্ৰণ কৰি অহা এই বজাৰখনত গৈ শুকুৰবাৰে তদন্ত চলাই গৰু ক্ৰয় বিক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে জিলা পৰিষদৰ সঞ্চালক অমলেন্দু দে'ই ৷ কিন্তু গান্ধাই বজাৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিও কৰিমগঞ্জ জিলাৰ আৰু কেইবাখনো বজাৰত এতিয়াও চলি আছে অবৈধ গৰুৰ মুক্ত বজাৰ ৷

কৰিমগঞ্জৰ অবৈধ গৰু বজাৰত নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details