কৰিমগঞ্জ,12ছেপ্টেম্বৰ: কৰিমগঞ্জ জিলাৰ বদৰপুৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে তিনিদিনীয়া কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ 14 মাহে নিজৰ প্ৰাপ্য লাভ নকৰাৰ বাবে জিলাখনৰ পৌৰসভাৰ সন্মূখত কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলৰ পৰা জানিব পৰা মতে, পৌৰসভাই 14 মাহে চাফাই কৰ্মচাৰী সকলক প্ৰদান কৰা নাই দৰমহা ৷ এই সন্দৰ্ভত কৰ্মচাৰীসকলে চৰকাৰলৈ বহুবাৰ আবেদন জনাইছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ যাৰ বাবে অতি কষ্টত দিন পাৰ কৰিবলগীয়া হৈছে কৰ্মচাৰী সকলে ৷
14মাহে দৰমহাৰ পৰা বঞ্চিত বদৰপুৰৰ চাফাই কৰ্মচাৰী সকল - karimganj
কৰিমগঞ্জৰ বদৰপুৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে 14মাহে লাভ কৰা নাই দৰমহা ৷ দীৰ্ঘদিনে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা কৰ্মচাৰী সকলে তিনিদিনীয়া কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অহা তিনি দিনৰ ভিতৰত কৰ্মচাৰীসকলৰ দৰমহা চৰকাৰে ঘূৰাই নিদিলে আন্দোলনৰ হূংকাৰ কৰ্মচাৰী সকলৰ ৷
নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত 14মাহে!
ইফালে, চহৰ উন্নয়নৰ বাবে বহু কোটি টকা খৰচ কৰা চৰকাৰখনে 40জন চাফাই কৰ্মীৰ দৰমহা কিয় মুকলি কৰি দিব পৰা নাই বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে কৰ্মচাৰী সকলে ৷ কৰ্মচাৰী সকলৰ দাবী, তিনি দিনৰ ভিতৰত মুকলি কৰি দিব লাগিব দৰমহা ; অন্যথা অধিক তীব্ৰ ৰূপত আন্দোলন গঢ়ি তোলাৰ হূংকাৰ দিলে কৰ্মচাৰী সকলে ৷
অন্য এক খবৰৰ বাবে: ৰাজহুৱা উদ্যোগক পুঁজিপতিক গটোৱাৰ চক্ৰান্ত !