অসম

assam

ETV Bharat / state

পাঁচটাকৈ নতুন প্ৰতিশ্ৰুতিৰে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল - ইংৰাজী নৱবৰ্ষ

নতুন বৰ্ষৰ প্ৰথম দিনটোতে পাঁচটাকৈ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি লৈ সাংবাদিকৰ সৈতে মত বিনিময় কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৷ ৰাজীৱ ভৱনত সাংবাদিকৰে সৈতে হোৱা মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, ডাঃ ভূমিধৰ বৰ্মনৰ লগতে প্ৰদেশ কংগ্ৰেছৰ আন আন শীৰ্ষ নেতৃত্ব ৷

congress press meet
congress press meet

By

Published : Jan 1, 2021, 9:21 PM IST

গুৱাহাটী, 1 জানুৱাৰী :ইংৰাজী নৱবৰ্ষ উপলক্ষে জনসাধাৰণক সম্বোধন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ বিজেপিৰ শাসন কালত অসম অশান্ত হৈ পৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷ অসমৰ জাতীয় জীৱন তথা সম্প্ৰীতিৰ প্ৰতি অহা সকলো ভাবুকিৰ বিৰুদ্ধে থিয় দিবলৈ নৱবৰ্ষত কংগ্ৰেছ দলে সংকল্প গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৰকিবুল হুছেইনে ৷

ইয়াৰ সমান্তৰালভাৱে সকলো কৃষকৰে কৃষি ঋণ মাফ কৰা হ’ব বুলিও জানিবলৈ দিয়ে কংগ্ৰেছ নেতৃত্বই ৷ লগতে মাইক্ৰ’ফাইনেন্সৰ লোন মাপ কৰাৰো প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে ৷ ইয়াৰোপৰি ন্যায় আঁচনি জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াললৈ মহিলী 7000 টকা প্ৰদান কৰিব কংগ্ৰেছে ৷ ২১-ত কংগ্ৰেছৰ চৰকাৰ হ’লে ৰাজীৱ গান্ধী গ্ৰাম্য বিদ্যুৎ আঁচনিৰ জৰিয়তে ৩০ ইউনিট পৰ্যন্ত বিদ্যুৎ যোগান ধৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছ নেতৃত্বই ৷ ইয়াৰোপৰি 120 ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল মাফ কৰা প্ৰতিশ্ৰুতি কংগ্ৰেছৰ ৷

পাঁচটাকৈ নতুন প্ৰতিশ্ৰুতিৰে প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

নতুন বৰ্ষৰ প্ৰথম দিনটোতে পাঁচটাকৈ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি লৈ সাংবাদিকৰ সৈতে মত বিনিময় কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৷ ৰাজীৱ ভৱনত সাংবাদিকৰে সৈতে হোৱা মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, ডাঃ ভূমিধৰ বৰ্মনৰ লগতে প্ৰদেশ কংগ্ৰেছৰ আন আন শীৰ্ষ নেতৃত্ব ৷ মতবিনিময় অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, “২১-ত দলে চৰকাৰ গঠন কৰিলে নিবনুৱা সংস্থাপনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব ৷” আনহাতে সংবাদমেলত উপস্থিত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য “জনতাৰ মনত কেন্দ্ৰীভূত ক্ষোভ এইবাৰৰ নিৰ্বাচনত প্ৰকাশ পাব বুলি প্ৰকাশ কৰে কংগ্ৰেছ নেতৃত্বই ৷

লগতে পঢ়ক :বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details