কৰিমগঞ্জ, 7 মে' :বৈধভাবে মেঘালয় হৈ অসমলৈ আহিব বিচৰা যাত্ৰীক হাৰাশাস্তি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৷ চৰকাৰী নীতি-নিৰ্দেশনাক অমান্য কৰি ঘুৰাই পঠিয়ালে প্ৰশাসনৰ অনুমতি সাপেক্ষে চলাচল কৰা সকলো যান-বাহন ৷ আনকি ৰোগী কঢ়িওৱা এম্বুলেন্সকো যাবলৈ অনুমতি প্ৰদান নকৰিলে মেঘালয় প্ৰশাসনে ৷
অসমৰ বৰাক উপত্যকাৰ পৰা গুৱাহাটী আৰু অসমৰ আন আন প্ৰান্তলৈ যোৱাৰ একমাত্ৰ পথ হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ যিটো পথ মেঘালয় ৰাজ্যৰ মাজেৰে বৰাক উপত্যকতাত মিলিত হৈছে ৷
শেহেতীয়াকৈ চৰকাৰী সিদ্ধান্ত অনুসৰি বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলক নীতি-নিৰ্দেশনাৰ মাজেৰে যাবলৈ অনুমতি প্ৰদান কৰাৰ লগতে বিশেষ সেৱাৰ লগত জড়িত বাহন সমূহক যাবলৈ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷