কৰিমগঞ্জ,5 নৱেম্বৰঃ অসম-মিজোৰাম সীমান্তকলৈ ৰাজ্যত শেহতীয়া ভাবে চেপা-উত্তেজনাই বিৰাজ কৰি আছে ৷ বৃহস্পতিবাৰে অসম-মিজোৰাম সীমান্তত উপস্থিত হ‘ল অসম চৰকাৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদ ৷ মিজো আগ্ৰাসনৰ বিৰুদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা ভূমিকাক লৈ সৰব হৈ পৰিল ছিদ্দিক আহমেদ ৷
ইপিনেদি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মিজোৰামত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ দাবী উৎত্থাপন কৰিছে ৷ লগতে তেওঁ উল্লেখ কৰে যে, বিগত সময়চোৱাতো মিজোৰামে অসমৰ ভূমি আগ্ৰাসন কৰাৰ চেষ্টা কৰি আহিছে; কিন্তু সেই সময়ত চৰকাৰে শক্তিশালী প্ৰদক্ষেপ গ্ৰহণ কৰাৰ বাবেই মিজোয়ে আগ্ৰাসন কৰিব পৰা নাছিল ৷