কৰিমগঞ্জ, 28 আগষ্টঃকৰিমগঞ্জত চাকৰিৰ পৰা নিলম্বিত হ'ল এগৰাকী আৰক্ষী বিষয়া ৷ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত হয় আৰক্ষী বিষয়া ৰহিম উদ্দীন বৰভূঞা৷
কৰিমগঞ্জত চাকৰিৰ পৰা নিলম্বিত আৰক্ষী বিষয়া - পাথাৰকান্দি
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা পাথাৰকান্দি থানাধীন দোহালিয়া অঞ্চলৰ মলয় দাস নামৰ এগৰাকী ব্যক্তিক ধন দাবী কৰিছিল আৰক্ষী বিষয়া জনে ।
সহকাৰী উপপৰিদৰ্শক বৰভূঞাই কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাত কৰ্মৰত আছিল। অভিযোগ অনুসৰি এটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাথাৰকান্দি থানাৰ অধীন দোহালিয়া অঞ্চলৰ মলয় দাস নামৰ এগৰাকী ব্যক্তিক ধন দাবী কৰিছিল আৰক্ষী বিষয়া জনে । ইয়াৰ পাচতে মলয় দাসে বৰভূঞাৰ বিৰুদ্ধে পাথাৰকান্দি আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ধন দাবী কৰা সন্দৰ্ভত তদন্ত কৰা হয় আৰু আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে ৰহিম উদ্দিন বৰভূঞাক নিলম্বিত কৰে। বৰ্তমান বৰভূঞা অসুস্থ হৈ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন৷