কৰিমগঞ্জ, 2 জুনঃকৰিমগঞ্জত ভয়ংকৰ বান পৰিস্থিতি ৷ বানত ইতিমধ্যে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জতো নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ বান ৷ জিলাৰ চহৰৰ মিছন ৰোড,মেইন ৰোড আদিকে দৰি বিভিন্ন বাট-পথ বৰ্তমান পানীত ডুব গৈ আছে ৷ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ কৰিমগঞ্জত ৷ ইতিমধ্যে বানত ব্যাহত হৈ পৰিছে যাতায়াত সেৱা ৷
কৰিমগঞ্জত ভয়ংকৰ বান - কৰিমগঞ্জ পৌৰসভা
কৰিমগঞ্জত ভয়ংকৰ কৃত্ৰিম বান পৰিস্থিতি ৷ পৌৰসভাৰ চৰম হেমাহিৰ ফলতেই এতিয়া চহৰ খনত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷
কৰিমগঞ্জত ভয়ংকৰ বান
আনহাতে,চহৰৰ স্থানীয় লোকসকলে কৰিমগঞ্জ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে,কৰিমগঞ্জ পৌৰসভাৰ ব্যর্থতাৰ ফলত দুৰ্ভোগ ভুগিবলগা হৈছে চহৰৰ ৰাইজে ৷ তাৰোপৰি,পৌৰসভাৰ চৰম হেমাহিৰ ফলতেই এতিয়া চহৰ খনত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ অতি শীঘ্ৰে জিলা খনত বানৰ পৰা ৰক্ষা পাবলৈ উপযুক্ত ব্যৱস্থা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷
লগতে পঢ়ক- কৰিমগঞ্জত ভূমিস্খলন : প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে 5 সদস্যই