দক্ষিণ কৰিমগঞ্জ , 14 মে' : দক্ষিণ কৰিমগঞ্জত বিদ্যালয়ৰ ধন আত্মসাতৰ অভিযোগত প্ৰধান শিক্ষকৰ লগতে কনিষ্ঠ অভিযন্তা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীৰ স্বামীক আটক ৷ সোমবাৰে নিশা নিলামবজাৰ থানাৰ আৰক্ষী বিষয়া চাহাব উদ্দিন বৰভূঞৱাৰ অভিযানত আটক কৰা হয় আটাইকেইজনক ৷
বিদ্যালয়ৰ ধন আত্মসাতঃ কৰিমগঞ্জত প্ৰধান শিক্ষককে ধৰি তিনিজনক গ্ৰেপ্তাৰ - বিদ্যালয়ৰ শ্ৰেণী কোঠা নিৰ্মাণ
অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ওৱাহাব , বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীৰ স্বামী আব্দুল হাই আৰু কনিষ্ঠ অভিযন্তা অনুপম ৰায়ে শ্ৰেণীকোঠা নিৰ্মাণৰ কোনো কাম সম্পূৰ্ণ নকৰি আৱণ্টিত সমুদায় ধন উদৰস্থ কৰে ৷ ইয়াৰ পাচতে এই অভিযোগ উত্থাপন কৰি এজন লোকে কৰিমগঞ্জৰ আদালতৰ কাষ চাপে ৷
কৰিমগঞ্জ শিক্ষা খণ্ডৰ অধীনত 481 নং সাতকসাগুল এলপি স্কুলৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ নামত 5 লাখ টকা আৱণ্টন দিয়া হৈছিল ৷ কিন্তু অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ওৱাহাব , বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীৰ স্বামী আব্দুল হাই আৰু কনিষ্ঠ অভিযন্তা অনুপম ৰায়ে শ্ৰেণীকোঠা নিৰ্মাণৰ কোনো কাম সম্পূৰ্ণ নকৰি আৱণ্টিত সমুদায় ধন উদৰস্থ কৰে ৷ ইয়াৰ পাচতে এই অভিযোগ উত্থাপন কৰি এজন লোকে কৰিমগঞ্জৰ আদালতৰ কাষ চাপে ৷ এই অভিযোগৰ ভিত্তিতে সোমবাৰে নিশা নিলামবজাৰ আৰক্ষীয়ে তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷