অসম

assam

ETV Bharat / state

চৰকাৰী বিষয়াক ইডিয়ট আখ্যা এ আই ইউ ডি এফৰ বিধায়কৰ

মনোনয়ন দাখিলৰ সময়তে চৰকাৰী বিষয়াক মূৰ্খ আখ্যা দিলে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ উদ্দিন লস্কৰে

চৰকাৰী বিষয়াক ইডিয়ট আখ্যা এ আই ইউ ডি এফৰ বিধায়কৰ

By

Published : Mar 26, 2019, 12:24 AM IST

কৰিমগঞ্জ, 25 মাৰ্চঃ গালি পৰাটো এতিয়া চৰিত্ৰত পৰিণত হৈছে এ আই ইউ ডি এফৰ তথাকথিত নেতাসকলৰ ৷ তেনে এক পৰিস্থিতিৰে উদ্ভৱ হয় কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৷

ঘটনা অনুসৰি, কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰে এ আই ইউ ডি এফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে ৷ ৰাধেশ্যাম বিশ্বাসে মনোনয়ন দাখিল কৰি ওলাই অহাৰ সময়ত সাংবাদিকৰ আগতেই এগৰাকী চৰকাৰী চক্ৰ বিষয়াক ইডিয়ট বুলি গালি পাৰে হাইলাকান্দিৰ এ আই ইউ ডি এফ আনোৱাৰ উদ্দিন লস্কৰে ৷ কোনো কাৰণ নোহোৱাকৈ ৰাইজ তথা সাংবাদিকৰ সন্মুখতে চৰকাৰী বিষয়াগৰাকীক অশ্ৰাব্য গালি-গালাজেৰে অপদস্থ কৰে এ আই ইউ ডি এফৰ বিধায়কজনে ৷ এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

চৰকাৰী বিষয়াক ইডিয়ট আখ্যা এ আই ইউ ডি এফৰ বিধায়কৰ

উল্লেখ্য যে, বিগত কিছুমাহ পূৰ্বে দলটোৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলেও ইটিভি ভাৰতৰ সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰিছিল ৷ পৰৱৰ্তী সময়ত নতুন দিল্লীত নিজৰ ভূল স্বীকাৰ কৰিছিল আজমলে ৷

ABOUT THE AUTHOR

...view details