অসম

assam

ETV Bharat / state

কৰিমগঞ্জৰ মিথু বিশ্বাস হত্যাকাণ্ডৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ

Karimganj Murder Case: এক মাহৰ অন্তত কৰিমগঞ্জৰ মিথু হত্যাকাণ্ডৰ ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ ৷ নিৰুদ্দেশ হোৱা গাড়ী চালক মিথু বিশ্বাস খাদ্যৰ লগত মিহলাই দিয়া হৈছিল নিচাজাতীয় দ্ৰব্য ৷

Karimganj Murder Case
মিথু বিশ্বাস হত্যাকাণ্ডৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 10:38 PM IST

মিথু বিশ্বাস হত্যাকাণ্ডৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 12 জানুৱাৰী: সমগ্ৰ বৰাক উপত্যকাত চাঞ্চল্যৰ সৃষ্টি কৰা কৰিমগঞ্জৰ নিৰুদ্দেশ হোৱা গাড়ী চালক মিথু বিশ্বাসৰ হত্যাকাণ্ডৰ ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে । এই সন্দৰ্ভত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে শুকুৰবাৰে সংবাদমেলৰ জৰিয়তে ঘটনাৰ সবিশেষ দাঙি ধৰে ।

মিঠু বিশ্বাস হত্যাকাণ্ডৰ লগত জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কয় অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে । গ্ৰেপ্তাৰ হোৱা লোককেইজন ক্ৰমে কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰৰ অৰুণ দাস আৰু পিণ্টু দাস, পাথাৰকান্দিৰ জেছিম উদ্দিন, কালিগঞ্জৰ আজিম উদ্দিন আৰু কাছাৰ জিলাৰ শিলচৰ-কনকপুৰৰ ৰাজু হুছেইন বাৰভূঞা ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে জনোৱা মতে, অৰুণ দাস নামৰ যুৱকজনে প্ৰথমে মিথু বিশ্বাসৰ খাদ্যৰ লগত মাদক দ্ৰব্য মিহলায় ৷ তাৰ পিচত শিলচৰ ৰামনগৰ পথৰ কাষত মিথু বিশ্বাসক অচেতন কৰি থৈ গাড়ীখন লৈ পলায়ন কৰে ।

পৰৱৰ্তী সময়ত মিথু বিশ্বাস অচেতন অৱস্থাত পথৰ সন্মুখলৈ অহাৰ লগে লগে তীব্ৰবেগী গাড়ী এখনে খুন্দা মাৰে আৰু মিথু বিশ্বাস পথত বাগৰি পৰে । ঘটনাটোৰ তথ্য লাভ কৰাৰ পিচতে আৰক্ষীৰ সহযোগত সেই স্থানত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত মিথু বিশ্বাসক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ।

তাৰ পিচত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মিন্টু বিশ্বাসৰ মৃত্যু হয় । মিথু বিশ্বাসৰ ওপৰেৰে চলি যোৱা গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীখনৰ চালকজনকো আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷ মন কৰিবলগীয়া যে কাছাৰ আৰক্ষীয়ে কিছুদিন পূৰ্বে কৰিমগঞ্জৰ পৰা নিৰুদ্দেশ হোৱা গাড়ী চালকৰ মৃতদেহ শিলচৰ ৰামনগৰ বাইপাছৰ পৰা উদ্ধাৰ কৰে ।

পৰিয়ালৰ লোকে মৃত যুৱকজন মিথু বিশ্বাস বুলি চিনাক্ত কৰে আৰু কৰিমগঞ্জ থানাত মিথু বিশ্বাসক হত্যা আৰু গাড়ী চুৰি কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰাৰ লগতে ঘটনাৰ তদন্তৰ উচিত দাবী জনায় । ইয়াৰ পিচতে কাছাৰ আৰক্ষীয়ে গোচৰটোৰ তদন্ত কৰি মিথু বিশ্বাসৰ হত্যাকাণ্ডৰ লগত জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক:নুনমাটিত শোৱনী কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ ৰক্তাক্ত মৃতদেহ

ABOUT THE AUTHOR

...view details