ডিফু, 9 অক্টোবৰ: কাৰ্বি আংলঙৰ লাংভুকু জলপ্ৰপাতত এজন যুৱক নিৰুদ্দেশ (Youth drown at Langvoku waterfall) ৷ ছেলফি উঠিবলৈ গৈ জলপ্ৰপাতত পিচলি পৰে যুৱকজন ৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে যুৱকজন ৷
যুৱকজন ডিমাপুৰৰ সুৰেশ চাকমা (23) বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি অৰুণ বিকাশ চাকমাৰ পুত্ৰ সুৰেশ চাকমা আন তিনিগৰাকী বন্ধু আৰু দুই বান্ধৱীসহ স্নাতক পৰীক্ষা শেষ কৰিয়ে শনিবাৰে ফুৰিবলৈ ডিমাপুৰৰ পৰা আহিছিল লাংভুকু জলপ্ৰপাতলৈ (Langvoku waterfall in Karbi Anglong) ৷